মুখ্য-পৃষ্ঠা

নিপাহ ভাইৰাছত আক্ৰান্ত হৈ ১৪ বছৰীয়া কিশোৰৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেৰালাত বৃদ্ধি পাইছে নিপাহ ভাইৰাছৰ সংক্ৰমণ। দেওবাৰে কেৰালাত নিপাহ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় এটি ১৪বছৰীয়া কিশোৰ। ইয়াৰ পাছতেই আন এজন ৬০ বছৰীয়া ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ইতিমধ্যে নিপাহ ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা ১৪ বছৰীয়া কিশোৰগৰাকীৰ সংস্পৰ্শত থকাসকলৰ অতিৰিক্ত নমুনা পৰীক্ষাৰ বাবেও আইচিএমআৰে কোজিকোডলৈ এটা ভ্রাম্যমাণ বিএছএল-৩ পৰীক্ষাগাৰ প্ৰেৰণ কৰিছে।

কেৰালাৰ স্বাস্থ্যমন্ত্রী বীনা জর্জে জনোৱা মতে এই ৰোগত মৃত্যু হোৱা কিশোৰগৰাকীৰ সংস্পৰ্শলৈ অহা ৭গৰাকী লোকৰ নমুনাৰ পৰীক্ষা ঋণাত্মক পোৱা গৈছে। বর্তমান ৬৮ গৰাকী স্বাস্থ্যকর্মীকে ধৰি ৩৩০জন লোক সংস্পৰ্শৰ তালিকাত আছে আৰু ইয়াৰে ১০১ জন লোকৰ বিপদাশংকা অধিক বুলি চিহ্নিত কৰা হৈছে।

কেৰালাত নিপাহ ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় চিকিৎসা গবেষণা পৰিষদ- আইচিএমআৰৰ ছজনীয়া বিশেষজ্ঞ এটা দল কোজিকোডত উপস্থিত হৈছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে কেৰালাৰ স্বাস্থ্য বিভাগক নিপাহ ভাইৰাছ সংক্ৰমণৰ সন্দৰ্ভত বিষয়টোৰ অধিক তদন্ত আৰু কাৰিকৰী সাহার্য প্রদানৰ বাবে এটা বিশেষ দল নিয়োগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।