majuli  
মুখ্য-পৃষ্ঠা

তেজস্বীতা অতীত ! এইবাৰ আদিত্য পায়েং : ICU টেকনিচিয়ান নথকাৰ বাবেই মাজুলীত পুনৰ মৃত্যু এজনৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মাজুলীৰ পয়ালগা স্বাস্থ্য সেৱাৰ বাবেই সৌসিদিনা তেজস্বীতা বৰুৱাই মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল। তেজস্বীতাৰ অকাল মৃত্যুৰ ঘটনাই এমাহ নৌহওতেই পুনৰ আন এজন যুৱকে উপযুক্ত চিকিৎসা লাভ নকৰাৰ বাবেই মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ঘটনাই পুনৰবাৰ মাজুলীত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

মাজুলীৰ শ্ৰী শ্ৰী পিতাম্বৰ দেৱগোস্বামী ৰাজ্যিক চিভিল হাস্পতালত চিকিৎসক আৰু উপযুক্তি চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল তেজস্বীতা বৰুৱাৰ। ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ মাজতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মাজুলীত উপস্থিত হৈ মাজুলীৰ স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে বহু কথাই ঘোষণা কৰিলে যদিও সেয়া সময়ত অসাৰ প্ৰতিপন্ন হ'ল।

মাজুলীৰ আদিত্য পায়েং নামৰ যুৱকজনে চিভিল হাস্পাতলখনত উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ পিছতে এতিয়া পুনৰবাৰ মাজুলীৰ স্বাস্থ্য ক্ষেত্ৰক পয়ালগা দিশটোক উন্মোচন কৰিলে। আই চি ইউ টেকনিচিয়ানৰ অভাৱৰ বাবেই আদিত্য পায়েঙে মৃত্যুক সাৱটি লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে তেজস্বীতাৰ মৃত্যুৰ পিছতে স্বাস্থ্য বিভাগে মাজুলীলৈ তৎকালীন ভাৱে প্ৰেৰণ কৰিছিল ৩ খন ১০৮ এম্বুলেঞ্চ । কিন্তু অতি পৰিতাপৰ কথা আদিত্য পায়েং নামৰ এই যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰাবৰ বাবে বাৰে বাৰে ১০৮ সেৱালৈ ফোন কৰিও কোনো সহাৰি নাপালে বুলিও অভিযোগ উত্থাপন হৈছে।

এনে পৰিস্থিতিত মাজুলীৰ স্বাস্থ্য ক্ষেত্ৰৰ উন্নয়নক লৈ চৰকাৰৰ সদিচ্ছা আছেনে নাই তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ৰাজ্য কপাই যোৱা তেজস্বীতা বৰুৱাৰ মৃত্যুৰ ঘটনাৰ পিছতো শিক্ষা নোলোৱা মাজুলীৰ এই শ্ৰী শ্ৰী পিতাম্বৰ দেৱ গোস্বামী ৰাজ্যিক চিকিৎসালয় কৰ্তৃপক্ষৰ এনে গাফিলতি আৰু কিমান দিনলৈ চলিব তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।