মুখ্য-পৃষ্ঠা

মৰিগাঁৱত অঘটন: বজ্ৰপাতত এজনৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। মৰিগাঁও মিকিৰভেটাত এটা বামগৃহত বজ্ৰপাত পৰি বাসগৃহত জুই লাগি অগ্নিদগ্ধ হৈ এজনৰ মৃত্যু হয়। পুৱাৰে পৰা হোৱা বৰষুণৰ মাজতে হোৱা বজ্ৰপাতৰ ফলতে এই ঘটনাটো সংঘটিত হয়৷

উল্লেখযোগ্য যে হাৰুন আলী নামৰ লোকজনে পথাৰৰ খেতিবাতিৰ বাবে নিৰ্মাণ কৰি লৈছিল গৃহটি৷ পুৱাই বৰষুণৰ বাবে গৃহটিত সোমাই থকা অৱস্থাত বজ্ৰপাত পৰি এই মৰ্মান্তিক ঘটনা সংঘটিত হয়৷ ঘটনাস্থলীত মিকিৰভিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷