মুখ্য-পৃষ্ঠা

এদিন পৃথিৱীত আছিল মাত্ৰ ১২০০ মানুহ...

Asomiya Pratidin

চয়নিকা শইকীয়া

"মানুহবিহীন এখন পৃথিৱী" কেতিয়াবা ভাবিছেনে কেনেকুৱা হ'ব পাৰে। ডাইনোচৰৰ দৰে মানুহ শব্দটো যদি অতিতৰ পৃষ্ঠাত সীমাবদ্ধ হৈ থাকি গ'ল হয় তেতিয়া বাৰু পৃথিৱীখন কেনেকুৱা হ'ল হয়? কথাখিনি আশ্বাৰ্য্যকৰ যদিও কাল্পনিক নহয়।

চীনৰ অন্তৰ্গত ইষ্ট চাইনা নৰ্মেল ইউনিভাৰ্চিটিৰ বিজ্ঞানীসকলে কৰা এক গৱেষণা অনুসৰি সেয়া আছিল আজিৰ পৰা প্ৰায় ৯ লাখ বছৰ আগৰ সময়। ইয়াক মধ্য প্লেইষ্টোচিন যুগ বুলি কোৱা হয়। আফ্ৰিকাৰ জংগলত থকা আদিম আধিবাসীসকল ক্ৰম বিৱৰ্তনৰ সময়ছোৱাত ক্ৰমাৎ থিয় হৈছিল,খোজ কাঢ়িব লৈছিল।তেতিয়া তেওঁলোকৰ জনসংখ্যা আছিল প্ৰায় ১ লাখ। বৰ্তমানৰ তুলনাত নিচেই কম যদিও সেই সময়ত জীয়াই থাকিবলৈ সেয়াই যথেষ্ট আছিল।

লাহে লাহে ৰূপান্তৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। শিলক সঁজুলি হিচাপে ব্যৱহাৰ কৰিব লৈছিল। হাবি-জংঘলৰ পৰা ফল-মূল বা খাদ্য সংগ্ৰহ কৰি আৰু চিকাৰ কৰিয়েই প্রয়োজনীয় খাদ্যৰ অভাৱপূৰ্ণ কৰিছিল। মুঠতে শৰীৰৰ আকাৰ সলনি হোৱা, মানসিক বিকাশ আৰু পাছলৈ মানৱ জাতিৰ জনসংখ্যা বৃদ্ধিৰ আশংকা পোৱা গৈছিল।

কিন্তু হঠাত আদিম অধিবাসী সকলৰ ওপৰত এনে এক বিপৰ্যয় নামি আহিল যাৰ ফলস্বৰূপে নিঃশেষ হৈ গ'ল অধিবাসী সকলৰ ৯৯ শতাংশ জনসংখ্যা। পৃথিৱীত ডাইনোচৰৰ দৰে মানুহ বিলুপ্ত হোৱাৰ পথত।

ঘটনাৰ কাৰণ স্পষ্ট নহয় যদিও জীয়াই আছিল মাত্ৰ ১২৮০ জন আদিম অধিবাসী। কিন্তু সৌভাগ্য ক্ৰমে তেওঁলোকৰ বংশবৃদ্ধিৰ ক্ষমতা আছিল। সেই ১২৮০ জন আদিম অধিবাসীৰ বাবেই পাছলৈ মানৱ জাতিটোৰ অস্তিত্ব ৰ'ল। আদিম অধিবাসীৰ পৰা ক্ৰমে মানুহ ৰূপ ল'বলৈ সক্ষম হ’ল। অথবা আজিৰ সময়ছোৱাত পৃথিৱীত মানৱ জাতিৰ কোনো লেখ-জোখ নাথাকিলহেঁতেন।

আজি পৃথিৱীত জনসংখ্যা ৮ বিলিয়নতকৈও অধিক। ক্ৰমান্বয়ে বনাঞ্চল কমি আহিছে আৰু মানুহৰ সম্প্ৰসাৰণ ঘটিছে। পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ধাৰা অব্যাহত আছে। অতিমাত্ৰা জনসংখ্যাৰ ফলত সৃষ্টি হোৱা সমস্যাৰ প্ৰতি উদ্বিগ্ন হৈ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে প্ৰতি বছৰে ১১ জুলাইত সমগ্ৰ বিশ্বতে ‘বিশ্ব জনসংখ্যা দিৱস’ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এসময়ত সমগ্ৰ পৃথিৱীত মানুহৰ অস্তিত্বৰ আশংকাই দেখা দিছিল কিন্তু আজি কেবাখনো ৰাষ্ট্ৰৰ বাবে জনসংখ্যা বৃদ্ধি এক জলন্ত সমস্য হৈ পৰিছে৷ কেৱল উন্নয়নশীল দেশতে নহয় উন্নত দেশবিলাকতো জনসংখ্যা বৃদ্ধিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৷ এয়া আছিল ১২৮০ ৰ পৰা ৮ বিলিয়নৰ কাহিনী।

চীনৰ ইষ্ট চাইনা নৰ্মেল বিশ্ববিদ্যালয়ে এনে এক মডেল প্ৰস্তুত কৰি উলিয়াইছে যাৰ জৰিয়তে জীন বংশাৱলী সন্দৰ্ভত অধ্যয়ন কৰিব পৰা যাব। এই আৰ্হিটোৱে জনসংখ্যাৰ পৰিমাণ উলিয়াব পাৰে। চীনা বিজ্ঞানীসকলে আফ্ৰিকান আৰু অনাফ্ৰিকান জনসংখ্যাৰ ৩১৫৪ জন লোকৰ ডি এন এৰ ওপৰত অধ্যয়ন চলাইছিল। সেই অধ্যয়নৰ ফলস্বৰূপে পৃথিৱীত মাত্ৰ ১২৮০ জন মানুহ বাকী থকা বুলি প্ৰকাশ পাইছিল।

চীন, ইটালী আৰু আমেৰিকাৰ গৱেষকসকলে সহযোগিতা কৰা এই অধ্যয়নটোত জড়িত আছিল য়ি-ছুয়ান পান।তেওঁ কয় যে এই মডেলটোৰ পৰা পোৱা ফলাফলক লৈ বৰ্তমান বহু প্ৰশ্নৰ উত্থাপন হৈছে। যেনে শীতকালতো এই ১২৮০ জন মানুহ কেনেকৈ জীয়াই আছিল?ক’ত আছিল? যদিও আজি মানুহৰ মন মগজুৰ বিকাশ হৈছে,কিন্তু সেই সময়ত আদিম অধিবাসী সকলৰ চিন্তা শক্তি নাছিল। গতিকে সেইসকল লোকে নিজকে কেনেকৈ ৰক্ষা কৰিলে বৰ্তমান সেয়া এক গৱেষণাৰ বিষয়.......