মুখ্য-পৃষ্ঠা

কোকৰাঝাৰত এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক মুকলি সমৰ্থন বিটিআৰ আক্ৰাছুৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ ৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক মুকলি সমৰ্থন সদৌ বিটিআৰ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ বিটিআৰ আক্ৰাছুৰ ।আজিৰ এই সংবাদমেলত সদৌ বিটিআৰ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মণিৰাম ৰায়ে কয় যে দুদিন আগত কোকৰাঝাৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সৈতে বিটিআৰ আক্ৰাছুৰ এক বৈঠক অনুষ্ঠিত হয় ।

উক্ত বৈঠকত বিটিআৰ অঞ্চলত বসবাস কৰা কোঁচ-ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া জাতীয় সমস্যা তথা দাবী সমূহ যেনে কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক সকলক অতিশীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, অসমৰ অন্যান্য অঞ্চলৰ তুলনাত বিটিআৰ এলেকাত বসবাস কৰা কোঁচ-ৰাজবংশী সকলৰ অৱস্থা অতি শোচনীয়, সেয়ে এই জনগোষ্ঠীটোক আৰ্থিক, সামাজিক, শৈক্ষিক দিশ আদি কৰি সাৰ্বিক উন্নয়নৰ হকে কাম কৰাৰ ব্যবস্থা গ্ৰহণ কৰা, বিটিআৰ অঞ্চলত বসবাস কৰা কোচ-ৰাজবংশী সকলৰ ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সুৰক্ষিত কৰা, বিটিআৰ অঞ্চলৰ কোচ-ৰাজবংশী জনগোষ্ঠীয় লোক সকলৰ উন্নয়নৰ হকে এখনি উন্নয়ন বৰ্ড গঠন কৰা, ভূমিপুত্ৰ কোঁচ-ৰাজবংশী লোকসকলৰ নামত বিদেশী ন্যায়াধীকৰণত ৰুজু কৰা গোচৰ সমূহ প্ৰত্যাহাৰ কৰা, কেএলঅ ক অতিশীঘ্ৰেই শান্তি আলোচনাত আমন্ত্ৰণ জনোৱা আদি কৰি মুঠ ছয় দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ সৈতে বিস্তাৰিত ভাবে আলোচনা হয় আৰু আলোচনাৰ অন্তত আগন্তুক দিনবোৰত উক্ত সমস্যা তথা দাবী সমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰতি প্ৰদান কৰে । সেইমৰ্মে বিটিআৰ আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিয়ে এখন আলোচনা সভা অনুষ্ঠিত কৰি ঐক্যবদ্ধ ভাবে ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক মুকলি সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বিটিআৰ আক্ৰাছুৰ আজিৰ সংবাদ মেলত কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুব্ৰত ৰায় সহ বিটিআৰ ৰ চাৰিওখন জিলাৰ নেতৃবৰ্গ উপস্থিত থাকে ।