মুখ্য-পৃষ্ঠা

ওৰাঙৰ শিক্ষক জগদীশ মাহাতোৰ আকস্মিক বিয়োগ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাঙৰ ১নং শইকীয়া চুবুৰী নিবাসী তথা ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অধীনস্থ বঙাল গাঁও প্ৰাথমিক বিদ্যালয় (মাজবাট)ৰ প্ৰধান শিক্ষক জগদীশ মাহাতোৰ দেওবাৰে নিশা (২৬ মে') আকস্মিক মৃত্যু হয়। মধুমেহ ৰোগী শিক্ষক মাহাতো দিনৰ ভাগত সুস্থ অৱস্থাত ঘৰৰ ইটো-সিটো কামত ব্যস্ত থাকে যদিও নিশা হঠাতে অসুস্থ হৈ বুকুৰ বিষত ভুগিবলৈ ধৰে আৰু বমি কৰে।

ততালিকে পৰিয়ালৰ লোকে নিকটৱৰ্তী ওৰাং প্ৰাথমিক চিকিৎসালয়ত তেখেতক অতি সংকটজনক অৱস্থাত ভৰ্তি কৰে। চিকিৎসকে পৰীক্ষা কৰাৰ পিছতে তেওঁ হৃদক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

ওৰাঙৰ অগ্ৰণী বিশিষ্ট সমাজ কৰ্মী, ধৰ্মপ্ৰাণ জনপ্ৰিয় ব্যক্তি জ্ঞানেন্দ্ৰ মাহাতোৰ জ্যেষ্ঠ পুত্ৰ অতি অমায়িক তথা সৎ শিক্ষক জগদীশ মাহাতোৰ এনে অভাৱনীয় বিয়োগত সমগ্ৰ ওৰাং আৰু মাজবাট অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত সৰবৰহী শিক্ষকগৰাকীয়ে পত্নী, এজন পুত্ৰ, এগৰাকী কন্যা, পিতৃ-মাতৃ সমন্বিতে একাধিক আত্মীয়ক কন্দুৱাই থৈ যায়। তেখেতৰ মৃত্যুত ওৰাং প্ৰেছ ক্লাব, পূৱ ওদালগুৰি সাংবাদিক মঞ্চ, প্ৰয়াস এন জি অৰ লগতে বিভিন্ন দল- সংগঠনে শোক প্ৰকাশ কৰে।