মুখ্য-পৃষ্ঠা

শিলচৰত উপস্থিত মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাঃ ৬ খন চুপাৰ চাকাৰ বাহনৰ শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ,শিলচৰ: নলা নৰ্দমাৰ জমা পানী নিষ্কাষণৰ উদ্দেশ্যে অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে শিলচৰত ৬ খন চুপাৰ চাকাৰ বাহনৰ শুভ উদ্বোধন কৰা হয়। মঙলবাৰে কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আনুষ্ঠানিক ভাবে এই অত্যাধুনিক বাহন কেইখনৰ উদ্বোধন কৰি ৰাইজৰ নামত উচৰ্গা কৰে।‌ বিশেষকৈ, শিলচৰৰ‌ জলন্ত সমস্যা হিচাপে বিবেচিত কৃত্ৰিম বানৰ পৰা শিলচৰ বাসীক ৰক্ষা কৰা উদ্দেশ্যে এই চুপাৰ চাকাৰ বাহন ৬ খন ক্ৰয় কৰা হৈছে।

শিলচৰ পৌৰ সভাই ১ কোটি ৩ লাখ টকা ব্যয়েৰে এই ৬ খন চুপাৰ চাকাৰ বাহন ক্ৰয় কৰিছে। শিলচৰ চহৰৰ সৰু সৰু উপপথ সমূহত থকা নলা নৰ্দমাৰ পৰা জমা পানী নিষ্কাষণৰ কামত এই অত্যাধুনিক বাহন কেইখন ব্যৱহাৰ কৰা হ'ব বুলি সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটা আৰু শিলচৰৰ বিধায়ক দিপায়ণ চক্ৰৱৰ্তীয়ে।

অসমৰ ভিতৰত প্ৰথম বাৰৰ বাবে শিলচৰ পৌৰ সভাই এই চুপাৰ চাকাৰ বাহন কেইখন ক্ৰয় কৰা বাবে পৌৰসভা আৰু বিধায়কক উচ্চ প্ৰশংসা কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। অনুষ্ঠানত লক্ষীপুৰ আৰু উদাৰবন্দৰ‌ বিধায়ক ক্ৰমে কৌশিক ৰাই আৰু মিহিৰ কান্তি সোম,জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা সহ শিলচৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া সহ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।