মুখ্য-পৃষ্ঠা

সংকটজনক পদ্মশ্ৰী বিৰুবালা ৰাভাৰ স্বাস্থ্যঃ চিকিৎসাৰ দায়িত্ব ল'লে অসম চৰকাৰে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিগত বহুদিন ধৰি অসুস্থ পদ্মশ্ৰী বিৰুবালা ৰাভা। ২২ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছে পদ্মশ্ৰী বিৰুবালা ৰাভা। গুৱাহাটী চিকিৎসা ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত ২২এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছে পদ্মশ্ৰী বিৰুবালা ৰাভা।

বিগত বহু দিনৰে পৰা ৭৫ বছৰীয়া পদ্মশ্ৰী বিৰুবালা ৰাভা দীৰ্ঘদিন ধৰি খাদ্যনলীৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। যোৱা ৪ মে’ পৰা আইচিএউত চিকিৎসাধীন হৈ আছে পদ্মশ্ৰী বিৰুবালা ৰাভা। উন্নত চিকিৎসাৰ কৰাৰ বাবে এতিয়া অপাৰগ হৈছিল পদ্মশ্ৰী বিৰুবালা ৰাভাৰ আত্মীয়।

পদ্মশ্ৰী বিৰুবালা ৰাভাৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰৰ সঁহাৰি বিচাৰিছিল তেওঁৰ আত্মীয়ই। শেহতীয়াকৈ বিৰুবালা ৰাভাৰ স্বাস্থ্যৰ সন্দৰ্ভত বুজ লবলৈ মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছে কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি মন্ত্ৰীগৰাকীয়ে ৰাভাৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি পৰিয়ালক প্ৰদান কৰিছে।

উল্লেখ্য যে ডাইনী হত্যাৰ বিৰোধিতা কৰি সমাজত বিপুল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল পদ্মশ্ৰী বিৰুবালা ৰাভা। কৰ্মৰাজিৰ বাবে ২০২১ চনত বিৰুবালা ৰাভাৰ ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। অসম চৰকাৰৰ ডাইনী হত্যা প্ৰতিৰোধ আৰু সুৰক্ষা আইন ২০১৫ প্ৰণয়নৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ।