মুখ্য-পৃষ্ঠা

ডাইনী অন্ধবিশ্বাস-কু সংস্কাৰৰ বিৰুদ্ধে যুঁজ দি দি গুছি গ'ল বিৰুবালা ৰাভা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে পদ্মশ্ৰী বিৰুবালা ৰাভাই। সোমবাৰে পুৱা ৯.২৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে সমাজকৰ্মীগৰাকীয়ে। গুৱাহাটী চিকিৎসা ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত ২২এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল পদ্মশ্ৰী বিৰুবালা ৰাভা।

বিগত বহু দিনৰে পৰা ৭৫ বছৰীয়া পদ্মশ্ৰী বিৰুবালা ৰাভা খাদ্যনলীৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছিল। যোৱা ৪ মে’ পৰা আইচিএউত চিকিৎসাধীন হৈ আছিল সমাজকৰ্মীগৰাকী।

উল্লেখ্য যে ডাইনী হত্যাৰ বিৰোধিতা কৰি সমাজত বিপুল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল পদ্মশ্ৰী বিৰুবালা ৰাভা। কৰ্মৰাজিৰ বাবে ২০২১ চনত বিৰুবালা ৰাভাৰ ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। অসম চৰকাৰৰ ডাইনী হত্যা প্ৰতিৰোধ আৰু সুৰক্ষা আইন ২০১৫ প্ৰণয়নৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ।

উল্লেখযোগ্য যে গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল। শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল।

সৰুৰে পৰা বিভিন্ন সামাজিক কাম-কাজত জড়িত থাকি তেওঁ ভাল পাইছিল। ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ এই অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছে।

তেওঁ গাঁৱে ভূঁঞে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছে। বিৰুবালা ৰাভাই প্ৰায় ৩৪ গৰাকী লোকৰ প্ৰাণৰক্ষা কৰিছে। ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰিছিল। মৃত্যুৰ পূৰ্বলৈকে অন্ধবিশ্বাস-কু সংস্কাৰৰ বিৰুদ্ধে যুজঁ দি গ'ল সাহসী মহিলা পদ্মশ্ৰী বিৰুবালা ৰাভাই।