মুখ্য-পৃষ্ঠা

অৰুন্ধতী ৰয়লৈ 'পেন পিন্টাৰ সন্মান'...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বুকাৰ বিজয়ী অৰুন্ধতী ৰয়লৈ ২০২৪বৰ্ষৰ পেন পিন্টাৰ সন্মান। দেশৰ এইগৰাকী প্ৰখ্যাত লেখিকালৈ প্ৰদান কৰা এই সন্মান ১০অক্টোবৰ ২০২৪ত অনুষ্ঠানিকভাৱে অৰ্পন কৰা হব।

উল্লেখ্য যে, নোবেল বটাঁ বিজয়ী সাহিত্যিক, নাট্যকাৰ হেৰল্ড পিন্টাৰৰ নামত প্ৰদান কৰা হয় এই সন্মান।২০০৯চনৰ পৰা প্ৰদান কৰা এই সন্মান ইয়াৰ পূৰ্বে লাভ কৰিছে মাইকেল ৰজেন্ড, মোলোৰি ব্লেকমেন, মাৰ্গাৰেট চলমান ৰুচদী, টম ষ্টপাৰ্ড আদি লেখকে।

এই বঁটাৰ কথা ঘোষণা কৰি ন্যাসৰ অধ্যক্ষ ৰুথ বাথাউকে কয়, অৰুন্ধতী ৰয় এগৰাকী আন্তৰাষ্ট্ৰীয় চিন্তাবিদ। পুজিঁবাদ, যুদ্ধ আৰু মানুহৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ তেওঁ সৰৱ। এগৰাকী শক্তিশালী কন্ঠৰ গৰাকী এইগৰাকী লেখিকা। যাৰ কন্ঠ কোনোদিনেই ৰুদ্ধ কৰিব পৰা নাই।

উল্লেখ কৰা প্ৰয়োজন যে,  ১৯৯৭ চনত অৰুন্ধতী ৰায়ে দ্য গড অৱ স্মল থিংছৰ বাবে মেন বুকাৰ বঁটা লাভ কৰে। ইয়াৰ অৰ্থমুল্য প্ৰায় ৩০,০০০ আমেৰিকান ডলাৰ। and a citation that noted, "The book keeps all the promises that it makes". তেওঁ এই গোটেই পুৰস্কাৰৰ ৰাশি আৰু কিতাপখনৰ পোৱা ধন মানৱ অধিকাৰৰ বাবে দান কৰে। বুকাৰ বঁটা লাভ কৰাৰ আগতে তেওঁ ১৯৮৯ চনত ইন হুইছ এনি গিভ ইট ডজ ওৱানছৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। ২০১৫ চনত তেওঁ ভাৰতত ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি হোৱাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় বঁটা ঘূৰাই দিয়ে।

২০০৬ চনত দা আলজেব্ৰা অফ ইনফাইনিট জাষ্টিছ নামৰ প্ৰবন্ধ সংকলনৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁ এই বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ২০১১ চনৰ নৱেম্বৰ মাহত তেওঁ সাহিত্যৰ বাবে নৰমেন মাইলাৰ বঁটা লাভ কৰে। ২০১৪ চনত তেওঁ টাইম আলোচনীৰ বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছিল।