মুখ্য-পৃষ্ঠা

ব্ৰাজিলত ভয়ংকৰ বিমান দুৰ্ঘটনা: ৬১জনৰ মৃত্যু

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ব্রাজিলৰ চাও পাওলোত ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে নিশা এখন যাত্রীবাহী বিমান দুর্ঘটনাগ্রস্ত হোৱাৰ ফলত বিমানখনত উপস্থিত থকা সকলো মৃত্যুৰ মুখত পৰে। ব্রাজিলৰ আঞ্চলিক বিমান সংস্থাৰ তথ্য অনুসৰি বিমানখনত ৫৭ জন যাত্রী আৰু চাৰিজন ক্রু মেম্বাৰে মুঠ ৬১গৰাকী লোক আছিল।

বিষয়াসকলে জনোৱা মতে, বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত স্থানীয় কনড'মিনিয়াম কমপ্লেক্সৰ এটা আৱাস ক্ষতিগ্রস্ত হোৱাৰ বিপৰীতে কোনো বাসিন্দা হতাহত হোৱা নাই। দুটা ইঞ্জিনযুক্ত বিমানখন পাৰানা ৰাজ্যৰ কাস্কাভেলৰ পৰা চাও পাওলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অভিমুখে ৰাওনা হৈছিল।