মুখ্য-পৃষ্ঠা

ধেমাজি প্ৰেছ ক্লাবৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্য্যসূচী সম্পূৰ্ণ

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজিঃ অসম বাৰ্তাজীৱী সংঘৰ আহ্বানত ধেমাজি প্ৰেছ ক্লাবৰ উদ্যোগত বৃহস্পতিবাৰে প্ৰেছ ক্লাৱৰ চৌহদতে বৃক্ষ ৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয় ৷ অসম বাৰ্তাজীৱী সংঘৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰাই এটি নিম গছৰ পুলি ৰোপণ কৰি কাৰ্য্যসূচীৰ শোভাৰম্ভ কৰে ৷

কাৰ্য্যসূচীত ধেমাজি জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক জীৱন কোঁৱৰ, অসম বাৰ্তাজীৱী সংঘৰ উত্তৰ অসম মণ্ডলৰ উপ-সভাপতি ভাস্কৰ সভাপণ্ডিত, জ্যেষ্ঠ সাংবাদিক অসীম দত্ত, ধেমাজি প্ৰেছ ক্লাবৰ সম্পাদক জিতু শইকীয়া উপস্থিত থাকে।

লগতে সাংবাদিক দ্বিপেন ভিতৰুৱাল কোঁৱৰ, প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক পৱন বৰুৱা, প্ৰেছ ক্লাবৰ প্ৰাক্তন সদস্য নিতু বৰগোহাঁইকে ধৰি বহুকেইজন প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকি প্ৰত্যেকেই একোটাকৈ মহানিম, জলফাই, কঁঠাল আৰু বকুল গছৰ পুলি ৰোপণ কৰে ৷