মুখ্য-পৃষ্ঠা

কাঁহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰত "পিএম-কিষাণ সন্মিলন"...

“Live Webcast"ৰ জড়িয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে বিতৰণ কৰিব হিতাধিকাৰী কৃষকলৈ অনুদান। অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

Asomiya Pratidin

ডিজিটেল সংবাদ, কামৰূপঃ পিএম-কিষাণ (PMKisan) আঁচনিৰ হিতাধিকাৰী কৃষকলৈ ১৮ জুনত ১৭ নং কিস্তিৰ ধন প্ৰদান কৰা হ'ব। উত্তৰ প্ৰদেশৰ বাৰাণসীত অনুষ্ঠিত "পিএম-কিষাণ সন্মিলন" অনুষ্ঠানৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কৃষক ৰাইজলৈ এই ধন প্ৰদান কৰিব।

ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ প্ৰতিটো কৃষি উন্নয়ন চক্ৰক সামৰি ব্লক পৰ্যায়ত একোখনকৈ আৰু ভিএন অ' সকলৰ সহযোগত বিভিন্ন গাওঁ পঞ্চায়ত, নিকটৱৰ্তী চিএছচিৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। কামৰূপ জিলাৰ কাঁহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰত দুয়োখন জিলা কৃষি বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে হিতাধিকাৰী কৃষক ৰাইজলৈ অনুদান বিতৰণ অনুষ্ঠানৰ “Live Webcast" প্ৰদৰ্শন বিয়লি ৪.০০বজাৰ পৰা আয়োজন কৰা হৈছে।

উল্লেখ্য যে ইয়াৰ সমান্তৰালকৈ মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও পিএম-কিষাণ (PMKisan) আঁচনিৰ অধীনত কৃষকলৈ ১৭সংখ্যক কিস্তিৰ ধন প্ৰদান কৰিব।

কাঁহিকুছিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত কৃষি আৰু উদ্যান শস্য বিভাগৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কামৰূপ মেট্ৰ’ জিলাৰ দুই শতাধিক কৃষক সৈতে অংশগ্ৰহণ কৰিব। তদুপলক্ষে দুই জিলাৰ প্ৰতিগৰাকী কৃষককে তেওঁলোকৰ নিকটৱৰ্তী স্থানত আয়োজিত উক্ত অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ দুয়োখন জিলা কৃষি বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।