মুখ্য-পৃষ্ঠা

সু-খবৰ! আজি দেশৰ কোটি-কোটি লোকৰ একাউণ্টত সোমাব ধন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কৃষকলৈ সুখবৰ। আজি দেশৰ ৯.৩কোটি কৃষকৰ একাউন্টত সোমাব ধন। তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হিচাবে দায়িত্ব গ্ৰহণ কৰিয়েই নৰেন্দ্ৰ মোডীয়ে দেশৰ কৃষকৰ মাজত প্ৰায় ২০,০০০ কোটি টকা বিতৰণ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ কিস্তিৰ ধন লাভ কৰিব দেশৰ কৃষকে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে পি এম কিষাণ আঁচনিৰ কিস্তিৰ ধন দেশৰ কৃষকক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। সেই উপলক্ষে উত্তৰ প্ৰদেশৰ বৰানসীত পি এম কিষাণ সন্মিলন অনুষ্ঠিত কৰা হৈছে। সন্মিলনখনৰ সৈতে সংগতি ৰাখি লাইভ ৱেবকাষ্টৰ জৰিয়তে দেশৰ কেইবাটাও নিৰ্বাচিত স্থানৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। 

দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো এই ৱেবকাষ্টৰ ব্যৱস্থা কৰা হৈছে। কামৰূপ জিলাৰ কাঁহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাট জিলাৰ টীয়কৰ কলীয়াপানীৰ জিলা কৃষি বিজ্ঞান কেন্দ্রতো পি এম কিষাণ সন্মিলনৰ লাইভ ৱেবকাষ্টৰ ব্যৱস্থা কৰা হৈছে। 

কাঁহিকুছিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে আয়োজিত অনুষ্ঠানত কৃষি আৰু উদ্যান শস্য বিভাগৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কামৰূপ মেট্ৰ’ জিলাৰ দুই শতাধিক কৃষক সৈতে অংশগ্ৰহণ কৰিব।

এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ ১৭ লাখ ৫০ হাজাৰ কৃষকে মুঠ ৩৫০ কোটি টকা বেংক একাউণ্টযোগে লাভ কৰিব। উল্লেখ্য যে ২৮ ফেব্ৰুৱাৰীত দেশৰ কৃষকসকলে এই আঁচনিৰ অধীনত ১৬নং কিস্তিৰ ধন লাভ কৰিছিল।

উল্লেখযোগ্য যে দেশৰ সকলো কৃষকক সহায় আগবঢ়োৱাৰ লক্ষ্যৰে ২০১৯ চনত পি এম কিষাণ আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে প্ৰতিবছৰে যোগ্য কৃষকক ৬হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই ধনৰাশি ২ হাজাৰকৈ তিনিটা কিস্তিত হিতাধিকাৰীসকলক বেংক একাউণ্টযোগে প্ৰদান কৰা হয়। আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে ১১ কোটি কৃষক পৰিয়াল উপকৃত হৈছে।