মুখ্য-পৃষ্ঠা

পুটিন-মোডীৰ মাজত 'NO LIMIT TALK', চিন্তাত চীন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা ৮জুলাইত যাব ৰাছিয়ালৈ। এই ভ্ৰমণত মোডীয়ে সাক্ষাত কৰিব তেওঁৰ অতি ঘনিষ্ঠ বন্ধু তথা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক। ২২সংখ্যক ভাৰত-ৰাছিয়া শিখৰ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যৰে ৰাছিয়ালৈ যাব নৰেন্দ্ৰ মোডী। বিশ্বৰ দুই শক্তিশালী নেতাৰ এই সাক্ষাকালত দ্বিপক্ষীয় বিষয় আৰু বৈশ্বিক বিভিন্ন প্ৰসংগত হ’ব আলোচনা।

দুই নেতাৰ এই সাক্ষাতক লৈ ইতিমধ্যে চীনৰ চিন্তা বৃদ্ধি পাইছে। আৰু এই চিন্তাক আৰু দুগুণ কৰি দিলে ৰাছিয়া বিদেশ মন্ত্ৰালয়ে। দেশখনৰ বিদেশ মন্ত্ৰালয়ে সদৰি কৰিছে যে, দুয়োগৰাকী নেতাৰ মাজত অবিৰাম কথা-বতৰা চলিব। এই সাক্ষাতক বিদেশ মন্ত্ৰালয়ে নাম দিছে- ন  লিমিট টক। অৰ্থাত সময়ৰ কোনো সীমা নাই দুয়ো নেতাৰ এই সাক্ষাতকালৰ।

এই সাক্ষাতত বহু গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাব। তৃতীয়বাৰলৈ শাসনত অধিষ্ঠিত হোৱাৰ পাছত দ্বিপক্ষীয় আলোচনাৰ বাবে মোডীয়ে প্ৰথমেই বাচি লৈছে ৰাছিয়াক। হয়তো ইয়াৰ অন্তৰালতো আছে বহু অংক। ২০২১চনতে শেষবাৰৰ বাবে সাক্ষাত হোৱা পুটিন-মোডীৰ এই সাক্ষাতত ইউক্ৰেইনৰ সৈতে হোৱা যুদ্ধৰ প্ৰসংগইও স্থান পোৱাৰ প্ৰৱল সম্ভাৱনা আছে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ইউক্ৰেইনৰ সৈতে যুদ্ধৰ পাছত ৰাছিয়াৰ পৰা কেচাঁ তেল কোনো এখন দেশেই ক্ৰয় কৰা নাছিল। সেই সময়ত ভাৰত আছিল একমাত্ৰ দেশ, যিয়ে ৰাছিয়াৰ পৰা কিনিছিল কেচাঁ তেল। গতিকে এনে সমূহ বিভিন্ন প্ৰসংগৰ আঁত ধৰি পুনৰ বিভিন্ন চুক্তি তথা আগতকৈ দুয়োখন দেশৰ মাজত সম্পৰ্ক অধিক সুদৃঢ় হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই সাক্ষাতক লৈ চিন্তিত চীন। কিয়নো সীমান্তক লৈ বাৰে বাৰে কূটকৌশল ৰচনা কৰা চীনৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক শেহতীয়াকৈ অৱনতি ঘটিছে। কিছুদিনৰ পূৰ্বে ৰাছিয়াই চীনৰ মাজেৰে দুডাল বিশাল গেছৰ পাইপ স্থাপনৰ বাবে চীনৰ অনুমতি বিচাৰিছিল যদিও চীনে গুৰত্ব প্ৰদান নকৰিলে। যাৰ বাবে ৰাছিয়াই এই প্ৰকল্পৰ নক্সা সলনি কৰিব লগা হৈছিল। গতিকে এনে সমূহ ঘটনাৰ পৰা চীন-ৰাছিয়াৰ সম্পৰ্ক ভাল যে নহয়, সেয়া স্পষ্ট হৈছে। এনে পৰিস্থিতিত ভাৰতৰ সৈতে ৰাছিয়াৰ এই আলোচনাই চীনক যে চিন্তাত পেলাব, সেয়া ১০০শতাংশ নিশ্চিত।