গোৱাত বিমান বন্দৰ উদ্বোধন কৰিব প্ৰধান মন্ত্ৰী মোডীয়ে 
মুখ্য-পৃষ্ঠা

গুজৰাটৰ নিৰ্বাচনৰ ব্যস্ততা শেষ ! ১১ ডিচেম্বৰত গোৱালৈ যাব প্ৰধানমন্ত্ৰী মোডী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুজৰাট বিধানসভা নিৰ্বাচনৰ আজি অন্তিম দিনৰ ভোটগ্ৰহণ চলি আছে। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ আজি অন্তিম দিন। আজিৰ দিনটোতেই ভোটদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

গুজৰাট নিৰ্বাচনত ব্যস্ত থকা প্ৰধানমন্ত্ৰী মোডীয়ে এতিয়া পাইছে কিছু আহৰি। নিৰ্বাচনী প্ৰচাৰ আৰু প্ৰতিশ্ৰুতিৰ জোৱাৰৰ মাজত এই কেইদিন আৱদ্ধ হৈ থকা প্ৰধানমন্ত্ৰী মোডীয়ে এতিয়া গুজৰাটৰ পৰা নিজকে পুনৰ আঁতৰাই অন্যান্য কাম-কাজত মনোনিবেশ কৰিবলৈ চিন্তা কৰিছে।

তাৰ মাজতেই প্ৰকাশ পাইছে অহা ১১ ডিচেম্বৰত গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। একাধিক কাৰ্যসূচীৰে মোডী যাব গোৱালৈ। উদ্বোধন কৰিব নতুনকৈ নিৰ্মাণ কৰা এটা বিমান বন্দৰো।

উপকূলীয় ৰাজ্য গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ১১ ডিচেম্বৰত উপকূলীয় ৰাজ্যখনৰ মোপাত নৱ-নিৰ্মিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আৰু ৰাজ্যখনৰ একাধিক প্ৰকল্পৰ শুভ উদ্বোধন কাৰ্যসূচীত অংশ ল'ব।

উল্লেখ্য যে, গোৱাৰ মোপাৰ বিমান বন্দৰটো নিৰ্মানত ব্যয় হৈছে ২,৮৭০ কোটি টকা। তাৰোপৰি ৰাজ্যখনৰ আন এটা বন্দৰ হৈছে ডাবলিম বিমান বন্দৰ। মোপাৰ বিমান বন্দৰটোৱে ৰাজ্যখনৰ লোকসকলৰ লগতে গোৱালৈ প্ৰমোদ বিহাৰৰ বাবে যোৱা পৰ্যটকৰ বাবে অধিক সুবিধাজনক হ'ব বুলি আশা প্ৰকাশ কৰিছে প্ৰমোদ সাৱন্তে।