আৰক্ষী, বি এছ এফৰ পৃথক অভিযানত পুনৰ ১৭ টা চোৰাং গৰু জব্দ...  
মুখ্য-পৃষ্ঠা

আৰক্ষী, বি এছ এফৰ পৃথক অভিযানত পুনৰ ১৭ টা চোৰাং গৰু জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষী আৰু বি এছ এফে পৃথক অভিযানৰ জৰিয়তে মুঠ ১৭ টা চোৰাং গৰু জব্দ কৰিছে। বাতৰি মতে মানকাচৰ থানাৰ অধীনস্থ ভাৰত বাংলাদেশ সীমান্তৰ দ্বীপচৰত আজি পুৱতি নিশা প্ৰায় ২ বজাত ৪৫ নং বেটেলিয়ান বি এছ এফে ২ টা চোৰাং গৰু জব্দ কৰে।

গৰু দুটা সৰবৰাহকাৰীয়ে কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেদি বাঁহৰ ঢেঁকীৰ সহযোগত বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়ত বি এছ এফে গৰু দুটা জব্দ কৰে। আনহাতে মানকাচৰ আৰক্ষীয়ে আন এক পৃথক অভিযানৰ জৰিয়তে আজি পুৱতি নিশা প্ৰায় ৩ বজাত ভাৰত বাংলাদেশ সীমান্তৰ কেশৰভিটা এলেকাৰ পৰা ৬ টা চোৰাং গৰু জব্দ কৰে।

এই গৰু কেইটা সৰবৰাহকাৰী কাঁইটীয়া তাৰৰ সীমান্তৰ ফালে নিয়া অৱস্থাত মানকাচৰ আৰক্ষী ২৬ বেটেলিয়ান অসম আৰক্ষীৰ সহযোগত অভিযান চলাই গৰু কেইটা জব্দ কৰে। আৰক্ষীক দেখি গৰু সৰবৰাহকাৰী দলটো পলায়ন কৰে।

ইফালে মানকাচৰ থানাৰ অন্তৰ্গত কালাপানী আৰক্ষী চকীৰ আৰক্ষীয়েও সুকীয়া ভাবে আন দুটা পৃথক অভিযানৰ জৰিয়তে অসম মেঘালয় সীমান্তবৰ্তী এলেকাৰ পৰা মুঠ ৯ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।

এইদৰে আজি মানকাচৰৰ বিভিন্ন প্ৰান্তত মুঠ ১৭ টা চোৰাং গৰু জব্দ কৰা হয়। গৰু কেইটা গোশালাৰ ওচৰত জমা কৰা হৈছে বুলি জানিব পৰা গৈছে।

মন কৰিবলগীয়া যে, প্ৰতিদিনে প্ৰায় জিলাখনত আৰক্ষী আৰু বি এছ এফে অভিযান চলাই চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে যদিও ৰহস্য জনকভাবে গৰু সৰবৰাহকাৰী কৰায়ত্ত কৰাত আৰক্ষী-বিএছএফ ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে প্ৰতিদিনে জাক জাক গৰু বাংলাদেশলৈ সৰবৰাহকাৰীয়ে মানকাচৰ সীমান্তয়েদি সৰবৰাহ কৰে।

তাৰ মাজৰ পৰা মাত্ৰ ২/৪ টা গৰু আৰক্ষী, বি এছ এফে জব্দ কৰি দায়িত্ব সামৰা পৰিলক্ষিত হৈছে। গৰুৰ চোৰাং কাৰবাৰৰ লগত জড়িত গৰু সৰবৰাহকাৰী কৰায়ত্ত কৰাত জিলাখনৰ প্ৰতিখন থানাৰ আৰক্ষী এক প্ৰকাৰে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে।