মুখ্য-পৃষ্ঠা

কচুৱাৰ ৰমনিপথাৰ কাঠৰ দলং পৰিদৰ্শন সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,কচুৱাঃ নগাঁও জিলাৰ কচুৱাৰ বৰপানী নৈৰ ওপৰত থকা কাঠৰ দলংখন উটুৱাই নিয়ে বাঢ়নী পানীয়ে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ পুঁজিৰে দিয়া কাঠৰ দলংখন নথকাৰ ফলত প্ৰায় ১০ খনকৈ গাঁৱৰ ৰাইজৰ যাতায়ত ব্যাহত হৈ পৰিছে। এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত শনিবাৰে দলংখন পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয় সাংসদ বৰদলৈয়ে।

উল্লেখযোগ্য যে বৰপানী নদীৰ পানী বহু পৰিমাণে হ্ৰাস পাইছে যদিও ভুতৰ ওপৰত দানৱ পৰা দি কপিলীৰ বানে প্লাৱিত কৰিছে কচুৱাৰ বহু গাঁও। যাৰ ফলত কামপুৰ-বৈঠালাংচ পথৰ ওখ স্থানৰ এটা তিৰপালৰ জুপুৰিত প্ৰচণ্ড গৰমত দিন অতিবাহিত কৰিছে কামপুৰ ৰাজহ চক্ৰৰ শতাধিক বন্যাৰ্তই।

শিবিৰত থকা মানুহৰ লগতে পশু ধনক খাদ্যৰ সংকেত দেখা দিয়াত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যি অৱস্থা সাংসদ বৰদলৈয়ে নিজে পৰিদৰ্শন কৰি যথোপযুক্ত ব্যৱস্থা লোৱাৰ আশ্বাস দিছে।