মুখ্য-পৃষ্ঠা

চিদলী সমষ্টিৰ উপ-নিৰ্বাচনক লৈ তৎপৰ প্ৰমোদ বড়ো

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: ২০২৫ ৰ বিটিচিৰ পৰিষদীয় নিৰ্বাচনক লৈ ইতিমধ্যে বিজেপি, ইউপিপিএল দলে পৃথকে পৃথকে নিৰ্বাচনী ৰণকৌশল অনুসৰি কাম আৰম্ভ কৰিলেও আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনত তাৰ কোনো প্ৰভাৱ নপৰে কাৰণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যেই ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলৰ প্ৰাৰ্থী নিৰ্বাচনী অবতীৰ্ণ হব বুলি ইতিমধ্যেই ঘোষণা কৰিছে । তেনেক্ষেত্ৰত আমি মিত্ৰজোঁট দলৰ অংশীদাৰী দল হিচাপে ইউপিপিএল, বিজেপি আৰু এজিপিয়ে একেলগে উপ-নিৰ্বাচনত কাম কৰি যাম বুলি মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই ।

ইয়াৰ পাছতেই প্ৰমোদ বড়োই বাসুগাঁও আঞ্চলিক এবছু কাৰ্যালয়ৰ সমীপত ছহিদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰি পোনে পোনে বাসুগাঁও পৌৰসভাৰ সভাকক্ষত আয়োজিত এক সভাত অংশগ্ৰহণ কৰে। সভাত বাসুগাঁও অঞ্চলৰ বিভিন্ন দল সংগঠনৰ নেতৃত্ববৰ্গৰ উপৰি জেষ্ঠ্য নাগৰিক আৰু বুদ্ধিজীৱিসকলৰ সৈতে মত বিনিময় কৰে। তাৰ পিছত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আগন্তুক বিটিচি পৰিষদৰ নিৰ্বাচনক লৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ ৰণকৌশল আৰু তৎপৰতাই কি ধৰণে প্ৰভাৱিত কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োই কয় যে নিৰ্বাচনক লৈ সব দলৰে নিজা নিজা এজেণ্ডা থাকে আৰু সেই এজেণ্ডা মতেই দলৰ নেতা সকলে কাম কৰে। তাৰ মাজতেই মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী, অধ্যক্ষ হিচাপে অধ্যক্ষ সকলোৰে বেলেগ বেলেগ চিন্তাধাৰা লৈ কাম কৰে । মই নিজেও কেতিয়াবা আক্ৰামক ভাবে কাম কৰো আকৌ কোনোবাই ধীৰস্থিৰ গতিৰে কাম কৰে । ব্যক্তি বিশেষ মানুহৰ কাম কৰাৰ স্বভাৱ ভিন্ন ভিন্ন হয় বুলি মন্তব্য কৰে।

আগন্তুক ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মিত্ৰজোঁট তথা ইউপিপিএল দলৰ প্ৰাৰ্থীত্ব কোনে লাভ কৰিব বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োই কয় যে খুব সময়ৰ ভিতৰত দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীক দলৰ ক'ৰ কমিটিৰ বৈঠক অনুষ্ঠিত কৰাৰ কথা কোৱা হৈছে। উক্ত বৈঠকত দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, কাৰ্য্যকৰী সভাপতি তথা সাংসদ ৰৌণগৌৰা নাৰ্জাৰী সহ দলৰ শীৰ্ষ পৰ্য্যায়ৰ নেতাসকল উপস্থিত থাকিব আৰু সেই দিনাই চিদলী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী কোন হব সেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰে । উপ-নিৰ্বাচনত ইউপিপিএল দলৰ পৰা সম্ভাব্য প্ৰাৰ্থী হিচাপে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ছাংগ্ৰাং ব্ৰহ্মৰ নাম উঠি আহিছে বুলি প্ৰশ্ন কৰাত প্ৰমোদ বড়োই কয় যে নিৰ্বাচন অনুষ্ঠিত হ'লে বহু প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ নাম উঠি আহে। কিন্তু শেষ মূহুৰ্তত কোনে দলীয় টিকট লাভ কৰিব সেয়া দলেই সিদ্ধান্ত লব আৰু যাৰ ভাগ্যত ৰাজযোগ আছে তেখেতেই পাব বুলি মন্তব্য কৰে।

তাৰ পিছতেই সম্প্ৰতি ৰাজ্যখনত বৰ্দ্ধিত নাৰী নিৰ্যাতনৰ ঘটনাৱলীক লৈ গা কৰি উঠা সাম্প্ৰদায়িক পৰিস্থিতি সন্দৰ্ভত প্ৰমোদ বড়োই কিছু তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে । নাৰী নিৰ্যাতনৰ দৰে বৰ্দ্ধিত অপৰাধ ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ লগতে সমাজৰ প্ৰতিটো বৰ্গৰ লোক সকলৰ উপৰি দল-সংগঠন সবে সজাগ হৈ ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ আহ্বান জনায়। নাৰী নিৰ্যাতনৰ দৰে যদি অপৰাধ যদি কোনো বিশেষ জনগোষ্ঠীৰ লোকৰ সমূহীয়া সিদ্ধান্ত দ্বাৰা সংঘটিত নহয় । সেয়া ব্যক্তি বিশেষ বা দলগত হব পাৰে । যদি কোনো বিশেষ জনগোষ্ঠীৰ লোকৰ দ্বাৰা সংঘটিত হয় তেনেহলে সেই জনগোষ্ঠীৰো বদনাম হয় ।সেয়ে এনেধৰনৰ ধৰনৰ বদনামৰ পৰা জাতিক বচাবলৈ সেই জনগোষ্ঠীৰ সকলোৱে আগবাঢ়ি আহি এনেধৰনৰ নাৰীজনিত অপৰাধ বন্ধ কৰিবলৈ আহ্বান জনায়। আজি প্ৰমোদ বড়োৰ লগত বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পাৰিষদ ছাইখং বসুমতাৰী, পাৰিষদ তথা দলৰ সম্পাদক মাধৱ ছেত্ৰী সহ বহু দলীয় নেতাকৰ্মী উপস্থিত থাকে ।

দেওবাৰে বিয়লি বাসুগাঁও চহৰৰ সমীপৰ ৰাজাচাৰাঙত এক কোটি টকা ব্যয় সাপেক্ষে চিদলী ৰাজ ইষ্টেট ঐতিহ্য সংৰক্ষণ সমিতিৰ এখন মিউজিয়াম আৰু ঐতিহাসিক চিদলী ইষ্টেটৰ ৰজা সূৰ্য্য নাৰায়ণ দেৱৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে প্ৰমোদ বড়োয়ে। বাসুগাঁৱৰ ৰাজাচাৰাঙত এখনি উক্ত আধাৰশিলা অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি এখন সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ঐতিহাসিক চিদলী ইষ্টেটৰ উত্তৰসূৰী জয়েশ নাৰায়ণ দেৱ, চিদলী ৰাজ ইষ্টেট ঐতিহ্য সংৰক্ষণ সমিতিৰ সভাপতি প্ৰৱীণ নাৰায়ণ দেৱ, সাধাৰণ সম্পাদক হীৰকজ্যোতি প্ৰধানী, উপদেষ্টা অমৃত নাৰায়ণ পাটগিৰি, ভৃগুমুণি ৰায়, উপেন ৰায় সহ আদি কৰি শতাধিক লোক উপস্থিত থাকে।