মুখ্য-পৃষ্ঠা

চিৰাঙত বিটিচি প্ৰশাসনৰ উদ্যোগত জনতাৰ দৰবাৰ অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সমাগত। তাৰ মাজতেই সৰ্বসাধাৰণ ৰাইজ আৰু বিটিচি প্ৰশাসনৰ মাজত পোনপটিয়া সম্পৰ্ক গঢ়ি তোলাৰ বাবে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োয়ে আৰম্ভ কৰিছে "জনতাৰ দৰবাৰ" দৰে অনুষ্ঠান। এই জনতাৰ দৰবাৰ অনুষ্ঠানৰ জৰিয়তে ৰাইজৰ পৰা বিভিন্ন সমস্যাসমূহ পোনপটীয়াকৈ আলোচনা কৰি চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ মাজেদি দূৰ কৰাৰ চেষ্টা কৰা।

মঙলবাৰে নিশা বিটিচি প্ৰশাসনৰ উদ্যোগত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাটাস্থিত বনবিভাগৰ আবাস গৃহত অনুষ্ঠিত জনতা দৰবাৰ অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰধান প্ৰমোদ বড়োৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পাৰিষদ ছাইখং বসুমতাৰী, মাধৱ কুমাৰ ছেত্ৰী সহ ইউপিপিএলৰ নেতৃবৰ্গ । নিশা প্ৰায় এক বজালৈ চলা এই জনতাৰ দৰবাৰ অনুষ্ঠানত অঞ্চলখনৰ বিভিন্ন দল সংগঠনৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰা লিখিত অভিযোগ গ্ৰহণ কৰে ।

অনুষ্ঠানত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ হৈ পাৰিষদ তথা ইউপিপিএল দলৰ সম্পাদক মাধৱ চেত্ৰীয়ে কয় যে সাধাৰণ ৰাইজৰ স্বাৰ্থত এখন উন্নত বিটিআৰ গঢ়ি তোলাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত বৃহত্তৰ ৰুণীখাতা অঞ্চলখনৰ সকলো ৰাইজৰ উন্নয়নৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

অনুষ্ঠানতে জিলাখনৰ বিজনীত হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰি পোষ্টাৰ লগোৱা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক অতিশীঘ্ৰেই তদন্ত কৰি এই ঘটনাৰ আঁৰত জৰিত লোকসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে প্ৰশাসনক আহ্বান জনায়। আনহাতে আগন্তুক বিটিচি নিৰ্বাচনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলে অকলে অৱতীৰ্ণ হব বুলি ঘোষণা কৰাৰ পিছত বিটিআৰত ইউপিপিএল আৰু বিপিএফ দল মিত্ৰজোঁট হৈ কাম কৰাৰ আলোচনা চৰ্চিত হৈ থকা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিপিএফ দলে যদি ইউপিপিএল দলৰ সৈতে মিলি কাম কৰিব বিচাৰিছে তেনেহলে ইয়াত কোনো বেয়া কথা নহয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে ইউপিপিএল দলৰ এমচিএল এ মাধৱ চেত্ৰীয়ে।