মুখ্য-পৃষ্ঠা

খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত শিৱসাগৰত গণ সমাৱেশৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰ: উজনি অসমৰ শিৱসাগৰত আৰম্ভ হোৱা খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম হ'ব অধিক তীব্ৰতৰ। শিৱসাগৰৰ পৰা সমগ্ৰ অসমলৈ বিস্তাৰিত হ'ব খিলঞ্জীয়া থলগিৰি ৰাইজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। এনে উদ্দেশ্য আগত ৰাখি  শিৱসাগৰত গণ সমাৱেশৰ প্ৰস্তুতি চলোৱা হৈছে। অহা অক্টোবৰ মাহৰ শেষৰফালে অনুষ্ঠিত হ'ব এই গণ সমাৱেশ। 

শিৱসাগৰত এগৰাকী নাবালিকা পাঞ্জা খেলুৱৈক অনা অসমীয়া দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাৰ পিছতেই উত্তাল হৈ পৰিছিল শিৱসাগৰৰ পৰিৱেশ৷ তাৰ পিছতে ধিং কাণ্ডই এই পৰিৱেশ আৰু অধিক উত্তপ্ত কৰি তুলিছিল শিৱসাগৰৰ লগতে উজনি অসমত। অনা অসমীয়া তথা অখিলঞ্জীয়া লোকৰ আগ্ৰাসনত থলগিৰি ৰাইজৰ অধিকাৰ সংকুচিত হৈ পৰা তথা খিলঞ্জীয়াৰ অস্তিত্ব সংকটত পৰাৰ প্ৰসংগ উত্থাপনেৰে আৰম্ভ হৈছিল খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। 

উজনিৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ খিলঞ্জীয়া থলগিৰি ৰাইজৰ অধিকাৰসমূহ সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত এই আন্দোলনৰ পৰিসৰ সমগ্ৰ অসমজুৰি বিস্তাৰিত কৰাৰ বাবে গণ আন্দোলনৰ পৰিকল্পনা ৩০জাতীয় দল সংগঠৰ। থলগিৰি ৰাইজৰ অধিকাৰ সুৰক্ষিত কৰি ৰাখিবৰ বাবে ৰাজপথলৈ ওলাই আহি গণতান্ত্ৰিকভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰতিজন নাগৰিকলৈ আহ্বান ৩০দল সংগঠনৰ। শিৱসাগৰৰ পৰা আৰম্ভ হ'ব এই গণ সংগ্ৰাম। তাৰ বাবে অক্টোবৰ মাহত শিৱসাগৰত গণ সমাৱেশৰ আয়োজন কৰা হৈছে। 

ইফালে, খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে শিৱসাগৰত ৩০জাতীয় দল সংগঠনে কৰা আন্দোলন সন্দৰ্ভত অসম বিধানসভাত দেৱব্ৰত শইকীয়াই দিয়া মন্তব্য সম্পৰ্কত ওলোটাই প্ৰশ্ন কৰে দল সংগঠনে ৷ ২৪ ঘন্টাৰ ভিতৰত দেৱব্ৰত শইকীয়াক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে দাবী জনাইছে, অন্যথা অহা ৪ছেপ্তেম্বৰত শিৱসাগৰত কংগ্ৰেছে যি সভাৰ আয়োজন কৰিছে সেই সভা অনুষ্ঠিত কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ ৩০ জাতীয় সংগঠনৰ। 

তাৰোপৰি খিলঞ্জীয়াৰ আন্দোলন সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ মন্তব্যৰো তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে দল সংগঠনসমূহে। খিলঞ্জীয়াৰ অস্তিত্ব সংগ্ৰামৰ আন্দোলনক ৰাজনৈতিক ষড়যন্ত্ৰৰে নিঃশেষ কৰিবলৈ চেষ্টা কৰা, ধৰ্মীয় মেৰুকৰণ কৰা আদি কাৰ্যক কোনে কাৰণতেই সহ্য কৰা নহ'ব বুলি সংবাদমেলত মন্তব্য কৰে ৩০ দল সংগঠনে।