মুখ্য-পৃষ্ঠা

দেশৰ ৯ ৰাজ্যই লাভ কৰিলে নতুন ৰাজ্যপাল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গুৰুত্বপূৰ্ণ সাংবিধানিক নিযুক্তি দিছে। তেওঁ দেশৰ ৯খন ৰাজ্যৰ নতুন ৰাজ্যপালক নিযুক্তি দিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অসম, মহাৰাষ্ট্ৰকে আদি কৰি মুঠ ৯ খন ৰাজ্যৰ ৰাজ্যপালক নিযুক্ত কৰে। ৰাষ্ট্ৰপতিয়ে পুডুচেৰীৰ বাবে এজন নতুন উপ ৰাজ্যপালও নিযুক্ত কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে পঞ্জাৱৰ ৰাজ্যপাল আৰু চণ্ডীগড়ৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক পদত অধিষ্ঠিত থকা বানৱৰীলাল পুৰোহিতৰ পদত্যাগ গ্ৰহণ কৰিছে।

উল্লেখ্য যে, অসমৰ নতুন ৰাজ্যপাল হিচাপে লক্ষ্মণপ্রসাদ আচাৰ্য নিযুক্ত হৈছে। বর্তমানৰ ছিকিমৰ ৰাজ্যপাল লক্ষ্ণণপ্রসাদ আচাৰ্যক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

আনহাতে মহাৰাষ্ট্র বিধানসভাৰ প্রাক্তন অধ্যক্ষ হৰিভাও কিষানৰাও বাগড়েক ৰাজস্থানৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ত্ৰিপুৰাৰ প্ৰাক্তন উপ মুখ্যমন্ত্রী জিষ্ণু দেৱ বার্মাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজস্থানৰ প্রাক্তন ৰাজ্যসভাৰ সাংসদ ওম প্রকাশ মাথুৰক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

প্রাক্তন কেন্দ্রীয় মন্ত্রী সন্তোষ কুমাৰ গাংগৱাৰক ঝাৰখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। অসমৰ প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। কর্ণাটকৰ প্ৰাক্তন মন্ত্রী চি এইচ বিজয়শংকৰক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ঝাৰখণ্ডৰ বৰ্তমানৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

ইয়াৰোপৰি অসমৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ লগতে কেন্দ্রীয় শাসিত অঞ্চল চণ্ডীগড়ৰ প্রশাসক হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় প্রশাসনিক সেৱাৰ প্রাক্তন বিষয়া কে. কৈলাশ নাথনক পুডুচেৰীৰ উপ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।