মুখ্য-পৃষ্ঠা

অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হোৱাৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতিৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ অহা ১জুনৰ পৰা বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেচাপাত ক্ৰয় নকৰাৰ সিদ্বান্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যকৰী সভাপতি কৰুণা মহন্তই।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক্ষদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি গৰাকীয়ে কয়- বটলিফ ফেক্টৰীসমূহে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে ২ জুনৰ পৰা ৰাজ্যত অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি হ'ব । ভাৰতীয় চাহ ব'ৰ্ড আৰু অসম চৰকাৰৰ উদ্যোগ বিভাগে যথোচিত ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজ্যত উৎপাদিত মুঠ চাহপাতৰ প্ৰায় ৫২ শতাংশ কেচা চাহ পাত উৎপাদন কৰা ডেৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ অনিশ্চয়তা নামি আহিব বুলিও তেঁও মত প্ৰকাশ কৰে ৷

ইফালে, খৰাংঙৰ লগত মোকাবিলা কৰিবলৈ চৰকাৰক ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছে কাৰ্যকৰী সভাপতি মহন্তই। চৰকাৰৰ ঘৰত জমা থকা ক্ষূদ্ৰ চাহ খেতিয়কৰ প্ৰায় ১৮২ কোটি টকাৰে ৰাজ সাহাৰ্যযুক্ত জলসিঞ্চন ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যকৰী সভাপতিজনে।