মুখ্য-পৃষ্ঠা

সদৌ অসম ভিত্তিত প্ৰাইজমাণি কবিতা আবৃত্তি প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউ: ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰি, ডিব্ৰুগড় তথা যোৰহাটৰ কেইজনমান যুৱক একত্ৰিত হৈ ‘‘বালাৰ্ক" নামৰ এখনি ত্ৰিমাষিক ই-পত্ৰিকা প্ৰকাশ কৰি আহিছে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি বালাৰ্ক পত্ৰিকাৰ উদ্যোগত সদৌ অসম ভিত্তিত অনলাইন যোগে এখন প্ৰাইজমাণি কবিতা আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়নৰত ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে হাজৰিকাদেৱৰ ‘‘প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক" কবিতাটি আবৃত্তি কৰি প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে। কবিতা আবৃত্তিসমূহ অসম্পাদিত ৰূপত নাম ঠিকনাসহ ৪ চেপ্টেম্বৰৰ ভিতৰত হোৱাটছএপ নম্বৰ ৮০৯৯৩৫০৯৫৭ত প্ৰেৰণ কৰিব লাগিব।

প্ৰতিযোগিতাখনিত অংশগ্ৰহণৰ মাচুল ৫০টকা ধাৰ্য্য কৰা হৈছে। তিনিগৰাকী বিজয়ী প্ৰতিযোগীক নগদ ধন, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হ'ব। অধিক তথ্যৰ বাবে ৮১৩৫০৬৯৬০৭/৯৮৬৪৬৯৩৭০২/৮৬৩৮২৯৩১৩১ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি মুখ্য সম্পাদক বাস্তৱ বড়াই জানিবলৈ দিয়ে।