মুখ্য-পৃষ্ঠা

নাৰী নিৰ্যাতন বন্ধ কৰাত দাবীত ৰঙাপৰাত প্ৰতিবাদী সমদল

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙাপৰাঃ নাৰী নিৰ্যাতন বন্ধ কৰা দাবীত ৰঙাপৰাত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই আটছাই। অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰঙাপৰা শাখা কমিটিৰ উদ্যোগত অসম চাহ জনজাতি মহিলা সমিতিৰ লগতে স্থানীয় দল সংগঠনৰ সহযোগত নাৰী নিৰ্যাতন বন্ধ কৰাৰ লগতে ধৰ্ষণ কাৰ্য্যত জড়িত সকলক ফাঁচিৰ দাবীৰে ৰঙাপৰাত এক বিশাল সমদল উলিওৱা হয়৷

নাৰী নিৰ্যাতন বন্ধ কৰক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক আদি বিভিন্ন শ্লোগানেৰে ৰঙাপৰা চহৰৰ আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে মাজবাট, ঢেকিয়াজুলিৰ লগতে ৰঙাপৰাত ধৰ্ষণৰ কাৰ্য্য দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ বিশেষকৈ চাহ বাগিচাৰ যুৱতী সকলক এনে ধৰ্ষণকাৰীয়ে সঘনে নিজৰ লক্ষ্য কৰি লোৱাত অসম চাহ জাজাতি ছাত্ৰ সন্থাই একে মুখে ধিক্কাৰ দিছে ৷ ধৰ্ষণ কাৰ্য্যৰ সৈতে জড়িত অপৰাধী সকলক ফাঁচিৰ দাবী জনাইছে আটছা আৰু আটুৱাই ৷