মুখ্য-পৃষ্ঠা

আমি পূজা নাচাওঁ, আমি পূজা দেখুৱাওঁ...

Asomiya Pratidin
শৰতৰ মায়াময় পৰিৱেশে সন্মোহিত কৰি ৰখা সময় এয়া। কহুঁৱা কোমল ডাৱৰে মন চঞ্চল কৰাৰ বতৰ এয়া। তল সৰা শেৱালিৰ আমোলমোল গোন্ধ চৌদিশ বিয়পি পৰাৰ বতৰ এয়া। এনে পৰিৱেশত সৃষ্টিৰ মাজত থাকে মাদকতা। সেই পৰিৱেশৰ সৈতে সংগতি ৰাখি নিৰ্বাচিত কেইগৰাকীমান জনপ্ৰিয় লেখক-লেখিকাৰ অনুভৱেৰে সজাবলৈ চেষ্টা কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'পূজাৰ লেখা' শীৰ্ষক এই শৰৎ সম্ভাৰ।মহানৱমীৰ দিনটোত লেখক-কবি তথা জ্যেষ্ঠ সাংবাদিক মনোজ এম নেওগৰ এটি লেখা আজি এই শিতানত প্ৰকাশ কৰা হ'ল...

(১)

ম’বাইল ফোনটো বাজি উঠিল। স্কীনত দেখিলো বন্ধু এজনে ফোন কৰিছে। 'অই ক' বুলি কোৱাৰ লগে লগে সিফালৰ পৰা ক’লে— সন্ধিয়া পূজা চাবলৈ যাওঁ ব’ল। ক’ত যাবি বুলি সোধাত ক’লে—বেলতলা,গীতানগৰ আদি যাম আৰু। মই ক’লো— অফিচত আছো। ডিউটি নটালৈকে আছে। যোৱা নহ’ব আৰু। সি ক’লে—তহঁতৰ মেডিয়া মানুহবোৰৰ পূজা-চূজা নাই নেকি ? মই ক’লো— আমি পূজা নাচাওঁ। আমি পূজা দেখুৱাওঁহে। বন্ধুজনে হ’ব আৰু দে বুলি কৈ ফোনটো কাটি দিলে।

(২)

পূজা,বিহু আদি উৎসৱ আহিলেই সংবাদ মাধ্যমত কৰ্মৰত লোকসকলৰ প্ৰায়ে এনে অৱস্থা হয়। অৱশ্যে বাতৰি কাকতত কৰ্মৰত সংবাদকৰ্মীসকলৰ বাবে কথাটো সুকীয়া। কাৰণ পূজা,বিহু আদিত দুদিন বন্ধ থাকে বাতৰি কাকতৰ কাৰ্যালয়। সেয়ে সংবাদকৰ্মীসকলে উপভোগ কৰিব পাৰে পূজা,বিহু। কিন্তু ইলেক্ট্ৰ’নিক অথবা বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মীসকলৰ বাবে এয়া সম্ভৱনে ? ২৪×৭ ডাৰৰ বাতৰি ডাৰে দিয়াৰ মূলমন্ত্ৰেৰে পৰিচালিত ইলেক্ট্ৰ’নিক মেডিয়াৰ সংবাদকৰ্মীসকলৰ বাবে এয়া প্ৰায় সম্ভৱ নহয় যেনেই লাগে। কাৰণ পূজা,বিহু আদি উৎসৱত সংবাদকৰ্মীসকলে খুউব প্ৰয়োজন নহ’লে নাপায় ছুটী।

(৩)

পূজা,বিহু আদি উৎসৱ আহিলেই তৎপৰতা বাঢ়ে ইলেক্ট্ৰ’নিক মেডিয়াৰ। বিশেষকৈ ব’হাগ বিহুত বিহু নাচৰ কৰ্মশালাৰ পৰা বিহু পালনৰ প্ৰস্তুতি আৰু শাৰদীয় দুৰ্গা পূজাত মহালয়াৰ পৰা আৰম্ভ হয় এই তৎপৰতা। এতিয়া ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশ। উচৱৰ মধু আলোড়নে কঁপাইছে ৰাজ্য। কিন্তু এনেহেন মধুময় পৰিৱেশত ইলক্ট্ৰ’নিক মেডিয়াৰ সংবাদকৰ্মীসকল অতিকৈ ব্যস্ত। দুৰ্গোৎসৱৰ কভাৰেজ কেনেকৈ ভালদৰে দিব পাৰি,কেনেকৈ পূজাৰ কেইদিন বিশেষ অনুষ্ঠান সম্প্ৰচাৰ কৰি টি আৰ পি বৃদ্ধি কৰিব পাৰি সেই প্ৰতিযোগিতাত ব্যস্ত ইলক্ট্ৰ’নিক মেডিয়া। তাৰ পাছতো এই মাধ্যমত কৰ্মৰত সকলে পূজা উপভোগ নকৰিব নেকি ? শাৰদোৎসৱৰ আনন্দ-উল্লাস গাত নলগাব নেকি ?

(৪)

অতি ব্যস্ততাৰ মাজতো তথা নিজৰ কৰ্তব্যৰ নিৰ্ধাৰিত সময়ৰ মাজত সুবিধা মিলিলে ইলেক্ট্ৰ’নিক মেডিয়াৰ সংবাদকৰ্মীসকল যাব পূজা চাবলৈ। দুই-একে কৰ্তব্য সম্পাদনৰ মাজতে কিছু সময় উলিয়াই যাব পূজা চাবলৈ। নিজৰ পৰিয়ালক লগত লৈ উপভোগ কৰিব পূজা। যি সকল সংবাদকৰ্মীৰ পূজা কভাৰেজ কৰাৰ দায়িত্ব পৰিছে তেওঁলোকে কৰ্তব্যৰ মাজতে উপভোগ কৰিব পূজা। পূজাৰ কেইদিনত কোনো সংবাদকৰ্মীৰ সাপ্তাহিক ‘অফ’ আছে যদিও তেওঁ সুবিধা লৈ উপভোগ কৰিব পূজা। অৱশ্যে পূজা বুলি সেই ‘অফ’ হ’ব পাৰে বাতিল। ইপিনে পূজাত ঘৰলৈ যাম বুলি ভাবি থকা সকলেও নাপালে ছুটী। ঘৰক জনাইছে মাঘ বিহুতে যাম। কাৰণ এয়া সংবাদকৰ্মীৰ জীৱন।

(৫)

আপুনি যেতিয়া নতুন কাপোৰ পিন্ধি পৰিয়ালৰ সৈতে এঠাইৰ পৰা আন এঠাইত পূজা চাই ফুৰিব তেতিয়া ইলেক্ট্ৰ’নিক মেডিয়াৰ সংবাদকৰ্মীসকল অতি ব্যস্ত হৈ থাকিব। কোনোবা যদি ষ্টুডিঅ’ত ব্যস্ত,কোনোবা ডেস্কত,আন এগৰাকীয়ে হয়তো কোনো পূজাস্থলীৰ পৰা দি থাকিব ‘লাইভ।’ দেখুৱাব পূজাৰ সামগ্ৰিক পৰিৱেশ। এনে পূজাস্থলীত সমাগমৰ মাজত আপোনাকো কোনো সাংবাদিকে মাইক্ৰ’ফোন আগবঢ়াই সুধিব পাৰে— পূজা চাই কেনে পালে ? পূজাৰ অনুভৱ জনাওক।

(৬)

পূজাৰ কেইদিন এনেদৰেই ব্যস্ত থাকে ইলেক্ট্ৰ’নিক মেডিয়াৰ সংবাদকৰ্মীসকল। দৰ্শকক শাৰদীয় দুৰ্গোৎসৱৰ প্ৰতিটো খবৰ দিব পৰাটোতে থাকে তেওঁলোকৰ আনন্দ৷ ঘৰত বহিয়েই টিভিত যাতে পূজাৰ আনন্দ উপভোগ কৰিব পাৰে তাৰ বাবেই এনে ব্যস্ততা আমাৰ ইলেক্ট্ৰ’নিক মেডিয়াৰ সংবাদকৰ্মীসকলৰ। তাতেই যেন তেওঁলোকে বিচাৰি পায় অনাবিল সুখ আৰু আনন্দ। সেয়ে তেওঁলোকে কয়—আমি পূজা নাচাওঁ,আমি পূজা দেখুৱাওঁ।

(মনোজ এম নেওগ সাম্প্ৰতিক সময়ৰ এগৰাকী সু লেখক তথা কবি। তেওঁ বৰ্তমান এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে এক সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত।)