মুখ্য-পৃষ্ঠা

পূজাৰ বতৰত চিন্তা...

Asomiya Pratidin
শৰতৰ মায়াময় পৰিৱেশে সন্মোহিত কৰি ৰখা সময় এয়া। কহুঁৱা কোমল ডাৱৰে মন চঞ্চল কৰাৰ বতৰ এয়া। তল সৰা শেৱালিৰ আমোলমোল গোন্ধ চৌদিশ বিয়পি পৰাৰ বতৰ এয়া। এনে পৰিৱেশত সৃষ্টিৰ মাজত থাকে মাদকতা। সেই পৰিৱেশৰ সৈতে সংগতি ৰাখি নিৰ্বাচিত কেইগৰাকীমান জনপ্ৰিয় লেখক-লেখিকাৰ অনুভৱেৰে সজাবলৈ চেষ্টা কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'পূজাৰ লেখা' শীৰ্ষক এই শৰৎ সম্ভাৰ। ষষ্ঠী পূজাৰ দিনটোত যাৰ আৰম্ভণি হৈছে কহুঁৱা কোমল, মন পৰশা আৰু সহজ-সৰল লেখাৰ বাবে পৰিচিত বিশিষ্ট লেখিকা 'লীনা শৰ্মা'ৰ এই কলেমেৰে...

পূজাৰ এই প্ৰাক মূহুৰ্তত প্ৰচণ্ড গৰমৰ পাছত বতৰৰ যেন এক ডাঙৰ সকাহ । মাজতে মোৰ ভাৱ হৈছিল আমি চাগে বতৰৰ এই আতিশয্যত বহুদিন জীয়াই নাথাকিম। সচাঁই কৈছো, চেপ্টেম্বৰ মাহত মই যথেষ্ট হতাশ হৈছিলো। অলপ সময়ৰ বাবেও ঘৰৰ বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিলে এক ভয়ানক ৰ'দে ফেপেৰি পাতি ধৰে। নতুবা এখন ওন্দোলাই থকা আকাশ!

এককাঁল পানীৰ বুকুত শুই পৰিবলৈ ওলোৱা গাড়ীৰ ভিতৰত ৰুদ্ধশ্বাস পৰিবেশত বহি থাকিবলগীয়া হোৱাৰ অভিজ্ঞতাৰ কথা সুঁৱৰি ভয় খাওঁ। এখন শাৰদীয় আকাশ, এটা সেমেকা পুৱা, তলসৰা শেৱালিৰ শুভ্ৰ দলিচাৰ কথা মনত পেলোৱাৰ অৱকাশেই দেখোন নাছিল। কিন্তু পলমকৈ হ'লেও শৰৎ অৱশেষত আহিল।

মোৰ মনত এটা ভয় সোমাইছে যে শৰতে কেতিয়াবা একেবাৰেই নাহো বুলি কৈ পেলাব নেকি বাৰু? শেৱালিয়েও হয়তো ক'ব, নুফুলো মই, নসৰো মই, কি কৰ কৰি থাক। তেতিয়া অকল জহ কাল, অকল খৰাং আৰু কেতিয়াবা শোৱনি কোঠালৈকে সোমাই অহা এককাল পানীৰ লগত হ'ব আমাৰ আজীৱন বন্ধুত্ব।

বুকু,পেট উদং কৰি পেলোৱা পাহাৰবোৰ, দলিয়াই পেলোৱা গছবোৰ, বিয়াগোম বিয়াগোম দালানবোৰ, নলা নৰ্দমা পুতি পেলোৱা প্লাষ্টিকবোৰ, পথত ভিৰ কৰা গাড়ীবোৰ: এই সকলোবোৰে আদৰিব অকল টিকাফটা ৰদ নতুবা পথ-ঘৰ একাকাৰ কৰা সাগৰ সদৃশ পানীক।

শৰৎ যদি নাহে, পূজাও হয়তো নাহিব। অভ্যন্তৰৰ এচিৰ বতাহ ত্যাগ কৰি আপুনি বা মই যাম কেনেকৈ দেৱীৰ শ্ৰীচৰণৰ ওচৰলৈ? আৰু আমি যদি নাযাওঁ, দেবী দুৰ্গাৰ মহিষাসুৰ নিধনৰ এই উছাহ আহিব কেনেকৈ? ভালৰ নিধন বৰ সহজ। কিন্তু বেয়াৰ? মহিষাসুৰক নিধন কৰিবলৈ দেবীৰ লাগিছিল দহটাকৈ দিন।

তাকো যেতিয়া চৌপাশত অন্য সকলো দেব দেবী সমবেত, সকলো দেব দেবীয়ে মা দুৰ্গাক নিজৰ সমস্ত শক্তি প্ৰদান কৰিছে, ত্ৰিশূলকে আদি কৰি নিজৰ সকলো অস্ত্ৰ শস্ত্ৰ দান কৰিছে। মহিষাসুৰ নিধনৰ বাবে দহটা দিন আৰু দেৱী বিসৰ্জনৰ কাৰণে মাত্ৰ কেইটামান ঘণ্টা!

আমি যে গছবোৰ কাটি তহিলং কৰি গৈ আছো, আমি যে শই শই গছ বগৰাই গৈ আছো, আমি যে পাহাৰবোৰক সমতল ভূমিত পৰিণত কৰি পেলাইছো, সেইবোৰক পুনৰ সংস্থাপন কৰিবলৈ লাগিব কেবাশ বছৰ। বেয়াক নিধন কৰিবলৈ বহুতো সময়ৰ প্ৰয়োজন হোৱাৰ লেখীয়াকৈ ভালক পুনৰ ঘূৰাই আনিবলৈও লাগে এক দীঘলীয়া সময়ৰ।

কথাবোৰ আমি জানো ভাবি চাইছো? বহুতো লবলৈ গৈ হেৰুৱাই পেলাইছো তাতোকৈও বহুতো। আমি হয়তো এটা বৰ বিশাল অট্টালিকা বনাই বসবাস কৰাৰ পৰিকল্পনা কৰিছো। আমি হয়তো বাসো কৰিছো। এদিন যেতিয়া অনুভৱ কৰিছো যে আমাৰ আঁঠুত বিষ, কঁকালত বিষ, ঘৰৰ চিৰি উঠা নমা কৰা, চাফ চিকুণ কৰাৰ বাবে আমাৰ শকতিৰ অভাৱ, তেতিয়া ভাবিছো এটা সৰু ঘৰ হোৱা হ'লে বা খোজ কাঢ়িবলৈ এখন বহল চোতাল হোৱা হ'লে কিমান যে ভাল আছিল! কিন্তু সেইখন চোতালৰ আমদানি এতিয়া যে অসম্ভৱ!

পূজা মানে জানো অকল প্ৰতিমা স্থাপন, মন্ত্ৰোচ্চাৰণ বা নৈবেদ্য আৰতিৰ সমাহাৰ? এইবোৰতো থাকিবই। কিন্তু পেঁ পেঁ কৈ পেপা বজাই যোৱা কনমানিটো নোহোৱাকৈ পূজাখন যেন অসম্পূৰ্ণ! সেই কনমানিটোৰ ভবিষ্যতৰ বাবে আমিয়েই দায়বদ্ধ হব নালাগিব জানো? কিন্তু আমি যে কথাবোৰ তেনেকৈ ভবা নাই। পূজাক আচল অৰ্থত আহ্বান কৰা সেই কণমানিটোৰ বাবে আমি সজাগ হ'ব লাগিব। সি দেখিব লাগিব কুলিয়ে জগাই তোলা বহাগ আৰু সিক্ত দুবৰিয়ে দলিচা পাৰি আগুৱাই অনা আহিন। জেঠৰ খৰ বা আহাৰৰ দোপাল পিটা বৰষুন জাকেই যদি তাৰ জীৱনৰ সাৰথি হৈ পৰে, তাৰ মনত পূজাৰ নামত ৰং ৰহইচ কৰাৰ ইচ্ছা থাকিব জানো?

পূজাৰ বতৰত মোৰ মনত এতিয়া এইবোৰ হাজাৰ প্ৰশ্ন। সংশয়ত ভুগো মই। আমাৰ চোতালত ফুলা শেৱালিজোপাৰ সুঘ্ৰাণ অভ্যন্তৰলৈ বিয়পাই কবলৈ বিচাৰো যে সকলোখিনি ভালেই হ'ব।

( লীনা শৰ্মা অসমীয়া ভাষাৰ এগৰাকী প্ৰতিষ্ঠিত লেখিকা। বহুকেইখন জনপ্ৰিয় উপন্যাসৰ স্ৰষ্টা শৰ্মা এগৰাকী ভাল গল্পকাৰ আৰু সু স্তম্ভ লেখক।)