মুখ্য-পৃষ্ঠা

পৰম মিত্ৰ! প্ৰধানমন্ত্ৰী মোডীক কাষত বহুৱাই নিজে গাড়ী চলাই ঘৰৰ ফুলনি দেখালে পুুটিনে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দুদিনীয়া ৰাছিয়া ভ্ৰমণেৰে সোমবাৰে মস্কোত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোডীৰ সৈতে একেলগে নৈশ আহাৰ গ্ৰহণ কৰাৰ পাছত আজি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হব ৰাষ্ট্ৰপতি পুটিন।

মস্কোত অনুষ্ঠিত হবলগীয়া ২২সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই জনায় যে, এই আলোচনাত বহুকেইটা গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা কৰা হব। মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে লগতে কয়- "দুয়োখন দেশৰ বিশেষ অংশীদাৰিত্ব আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ সাজু হৈছে ।

উল্লেখ্য যে, মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ পিচত সোমবাৰে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়ালৈ গৈ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে শীৰ্ষ আলোচনাত মিলিত হব। ইফালে সমগ্ৰ বিশ্বই বহুকেইখন দেশে ৰাছিয়াৰ সৈতে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰি থোৱাৰ সময়তে ভাৰতৰ এই পদক্ষেপৰ ওপৰত সকলোৱে চকু ৰাখিছে।

ইফালে সোমবাৰে ৰাছিয়াত উপস্থিত হৈ পুটিনৰ চৰকাৰী বাসভৱনলৈও যায় মোডী। পুটিনে নিজেই ইলেক্টনিক গাড়ী চলাই ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ঘৰৰ চৌহদত থকা ফুলনি দৰ্শন কৰায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও পুটিনক পৰমমিত্ৰ আখ্যা দিয়ে।