মুখ্য-পৃষ্ঠা

জোনাইত ৰাভা দিৱস পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ, জোনাইঃ ধেমাজি জিলা সমিতি জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত আৰু বিজয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বৃহস্পতবাৰে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰা হয়। এই উপলক্ষে আজি পুৱাৰ ভাগতে ধেমাজি জিলা জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ উপদেষ্টা বীৰ বাহাদুৰ লিম্বো দ্বাৰা গছ পুলি ৰোপণ আৰু মুখ্য উপদেষ্টা তোষেশ্বৰ আগৰৱালাৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।

ইয়াৰ পাছত ধেমাজি জিলা জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি কল্যাণ গগৈৰ সভাপতিত্ব কৰা আৰু সম্পাদক ৰাজীৱ বৰিয়ে উদ্দেশ্য কৰা সভাত আদৰণি ভাষণ আগবঢ়াই বিজয়পুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কমল চিং দলে। ধেমাজি জিলা জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ মুখপাত্ৰ পলাশ মেদকে আঁত ধৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ কেন্দ্ৰীয় মুখ্য সম্পাদক প্ৰহ্লাদ মিলি।

তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শক সৰোগত কৰি প্ৰতিষ্ঠা কৰা জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ, অসমে অসমৰ জাতি-জনগোষ্ঠীক সাংস্কৃতিক একতাৰ ঢোলেৰে বান্ধি অসমৰ সংস্কৃতিৰ বৰ ভেটি গঢ়াৰ পোষকতা কৰে। তদুপৰি তেওঁ সভাত কলাগুৰু, বৈপ্লৱিক সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিৱেশন কৰে।

বহুগৰাকী বিশিষ্ট ব্যক্তি, সংস্কৃতিপ্ৰেমী ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থকা সভাত টি এম পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙে নিৰ্দিষ্ট বক্তাৰ ভাষণত কলাগুৰু, বৈপ্লৱিক সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ নৱ প্ৰজন্মক আহ্বান জনায়। ইপিনে সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 দীপক কুমাৰ দলে। অধ্যক্ষজনে কলাগুৰু, সমাজবাদী, মানৱতাবাদী বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন দৰ্শন আৰু কণ্টকময় সংগ্ৰামী জীৱনৰ ওপৰত মননশীল বক্তব্য প্ৰদান কৰে।

সভাত সাংবাদিক ৰয়েল পেগুৱে নিজৰ ভাষণত কয়- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই শিল্পকলাৰ সধনাৰ জৰিয়তে সমাজৰ ৰূপান্তৰ সপোন দেখিছিল। কিন্তু আজি সংস্কৃতিক পথাৰত অপসংস্কৃতিৰ প্ৰয়োভৰ ঘটিছে। সংস্কৃতিয়ে একতাৰ ঢোলেৰে অসমীয়াক বন্ধাৰ বিপৰীতে ভাগ ভাগ হৈ পৰিছে। বিজতৰীয়া সংস্কৃতিয়ে জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ বিপন্ন কৰি তুলিছে। ক্ৰমে স্বকীয়তা হেৰুৱাই পেলাইছে।

তদুপৰি সভাত বিশিষ্ট নাগৰিক অতুল পেগু, ধেমাজি জিলা জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা তোষেশ্বৰ আগৰৱালা, উপদেষ্টা বীৰ বাহাদুৰ লিম্বো, মুৰ্কংচেলেক ব্লক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক প্ৰদীপ গগৈ, বিশিষ্ট লেখক বিজয় বৰি আদিয়ে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। ৰাম পেগুৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত পৰিবেশন কৰি শিল্পীজনাক শ্ৰদ্ধা নিবেদন কৰে। অনুষ্ঠানৰ মাজে মাজে মিচিং, ৰাভা, ৰাজবংশী আদি কৃষ্টি দলৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে নৃত্য প্ৰদৰ্শন কৰে।