মুখ্য-পৃষ্ঠা

তেজপুৰত ৰাভা দিৱসঃ ১০গৰাকী বিশিষ্ট ব্যক্তিক ৰাষ্ট্ৰীয়-ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০জুন, বিষ্ণু ৰাভা দিৱস। ২০২৪বৰ্ষৰ ৰাভা দিৱসটি অসম চৰকাৰে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত উদযাপন কৰে। তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদযাপন কৰা এই বিশেষ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

এইবেলি অসম চৰকাৰে ভিন্ন ক্ষেত্ৰৰ কেইগৰাকী বিশিষ্ট লোকক প্ৰদান কৰে বহুকেইটা বঁটা। ২০২৩বৰ্ষৰ আজান পীৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয় আনৱাৰ হুচেইনক। ইফালে ৰাজ্যিক পৰ্যায়ৰ ৯টা ভিন্ন বঁটা প্ৰদান কৰা হয় আন ৯গৰাকী বিশেষ ব্যক্তিক।

এইবৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰ হয় দুগৰাকী বিশিষ্ট লোকক। লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু দুলৰ্ভ ভট্টাচাৰ্যক প্ৰদান কৰে ২০২৪বৰ্ষৰ বিষ্ণু ৰাভা বঁটা। ২০২৪বৰ্ষৰ আহমদ আলি বাঁশকান্দি বঁটা প্ৰদান কৰা হয় বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক তৰেন চন্দ্ৰ বড়োক।

ইফালে ২০২৪বৰ্ষৰ অমলপ্ৰভা দাস বঁটা প্ৰদান কৰা হয় বন্দনা দত্তক। ড০ সুনীতা চাংকাকতিক এইবেলি চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা প্ৰদান কৰা হয়।

২০২৪বৰ্ষৰ গণেশ গগৈ বঁটা প্ৰদান কৰে আনিছ উজ জামানক। ড০ কৰবী ডেকা হাজৰিকালৈ ২০২৪বৰ্ষৰ মামণি ৰয়চম গোস্বামী বঁটা আগবঢ়োৱাইছে। সাহিত্যিক জয়ন্ত মাধৱ বৰাক এইবেলি চৈয়দ আব্দুল মালিক বঁটা, শাশ্বতী ভট্টাচাৰ্যক গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা আৰু জীৱন মহনক ২০২৪বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা প্ৰদান কৰে অসম চৰকাৰে।

এই বিশেষ অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী বিমল বড়াৰ লগতে মন্ত্ৰী অশোক সিংহল। ইয়াৰোপৰি বিশিষ্ট অতিথি হিচাপে সাংসদ ৰঞ্জিত দত্তৰ লগতে বিধায়ক পৃথ্বিৰাজ ৰাভা, পদ্ম হাজৰিকা, গণেশ কুমাৰ লিম্বু আৰু বিধায়ক কৃষ্ণ কমল তাঁতী উপস্থিত থাকে।