মুখ্য-পৃষ্ঠা

পাঠশালাত বিষ্ণু ৰাভা দিৱস পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ ‘বিষ্ণুৰাভা আৰু আন মহৎলোকৰ দৰে আমিও আনক অনুপ্ৰাণিত কৰিব পৰা ব্যক্তি হ’বলৈ চেষ্টা কৰিব লাগে৷ এটা জাতি জীয়াই থাকিবলৈ হ’লে সমাজত মিলাপ্ৰীতি থকাটো খুবেই প্ৰয়োজন৷’ এই মন্তব্য কৰে বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়ক ড॰ চন্দনা দেৱীয়ে৷ বৃহস্পতিবাৰে পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলত অনুষ্ঠিত বিষ্ণুৰাভা দিৱসত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আভা সম্পৰ্কত গুৰু গম্ভীৰ ভাষণ প্ৰদান কৰি দেৱীয়ে পিতৃ-মাতৃ-শিক্ষাগুৰুক স্মৰণ কৰি জীৱনৰ সৎ পথত আগুৱাই যাবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়৷

আজি এই দিনটোতেই ড॰ বিনীতা বৰা দেৱ চৌধুৰী ৰচিত, সংগীত শিক্ষক প্ৰাণজিৎ দাসৰ সহযোগত সংগীত শিল্পী খনিন চৌধুৰীয়ে সুৰ আৰু সংগীত কৰা আৰু পাঠশালা শিক্ষাপীঠৰ নৱম শ্ৰেণীৰ ছাত্ৰ জোনাক আকাশ দেৱ শৰ্মাই কণ্ঠদান কৰা এটি গীতৰ ভিডিঅ’ (ৰ’দে বৰষুণে.....) মুকলি কৰে ৰাষ্ট্ৰীয় কলাৰত্ন বঁটাপ্ৰাপক লক্ষ্মী দাসে৷ দাসে গীতটো মুকলি কৰাৰ আগেয়ে ৰাভাৰ কৰ্মজীৱন সম্পৰ্কত তথ্যভিত্তিক এক বিশ্লেষণাত্মক ভাষণ আগবঢ়ায়৷

সভাত বিদ্যালয়ৰ সমাজ বিজ্ঞান বিষয়ৰ শিক্ষক নাৰায়ণ মেধী আৰু বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মনোৰঞ্জন গোস্বামীয়ে বিষ্ণুৰাভাৰ শিল্পী জীৱনৰ ওপৰত আলোকপাত কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে বিষ্ণুৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তিপ্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি ভাষণ ৰাখে বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ ৰয়ে৷

ভাষণৰ মাজে মাজে বিষ্ণুৰাভা সংগীত পৰিৱেশন কৰে শিক্ষাৰ্থী ক্ৰমে পঞ্চম শ্ৰেণীৰ ৰিয়াশ্ৰী বৰকাকতি, বাৰ্বী শৰ্মা, ভূপামণি দাস, সপ্তম শ্ৰেণীৰ নিৰংকুশ তালুকদাৰ, নৱম শ্ৰেণীৰ জোনাক আকাশ দেৱ শৰ্মা, দশম শ্ৰেণীৰ উপাসনা পাঠক আৰু শিক্ষয়িত্ৰী মমী ৰয়, সংগীত শিল্পী ক্ৰমে ৰঞ্জিতা কলিতা, প্ৰাণজিৎ দাস, কৌশিক দাস আৰু অনাতাঁৰ শিল্পী অপূৰ্ব তালুকদাৰে৷

অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল বৰকাকতিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাস্তৱ জীৱনত প্ৰতিফলিত হ’ব পৰাকৈ বিষ্ণুৰাভাৰ আদৰ্শসমূহ দাঙি ধৰে৷ বুনিয়াদী শাখাৰ প্ৰধান শিক্ষক প্ৰবীৰ কুমাৰ দেৱ শৰ্মাৰ সহযোগত অনুষ্ঠানটি সঞ্চালনা কৰে শিক্ষক নন্দ দুলাল চৌধুৰীয়ে৷