মুখ্য-পৃষ্ঠা

প্ৰথিতযশা কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ মৃত্যুত শোক প্ৰকাশ মুখ্যমন্ত্ৰী আৰু অসম প্ৰকাশন পৰিষদৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰথিতযশা কবি-সাহিত্যিক তথা সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখে এইদৰে- বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰা ডাঙৰীয়াৰ বিয়োগৰ বাতৰিত অতি মৰ্মাহত হ'লোঁ৷ সুদীৰ্ঘ ছটা দশক ধৰি কবিগৰাকীৰ সৃষ্টি আৰু দৃষ্টিয়ে কবিতা অনুৰাগীক অনুপ্ৰেৰণা যোগাই আহিছে৷ তেখেতৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ বৰা ডাঙৰীয়াৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷

ইফালে বিশিষ্ট কবিগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে অসম প্ৰকাশন পৰিষদেও। এক শোক বাৰ্তাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৰবীন্দ্ৰ বৰাৰ মৃত্যু অসমৰ সাহিত্য জগতৰ বাবে ক্ষতি বুলি অভিহিত কৰে ৷ বাৰ্তটোত সচিব কলিতাই ৬টা দশক অসমীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰা বৰাৰ মৃত্যুত মৰ্মাহত হৈ বৰাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানক প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে বুলি উল্লেখ কৰে ৷

উল্লেখ কৰা প্ৰয়োজন যে, ৰামধেনু' যুগত ১৯৬০ চনতে কবি হিচাপে আত্মপ্রকাশ কৰা বৰাই তেতিয়াৰে পৰাই নিৰলস কাব্য-সাধনাৰে আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰলৈ বিশিষ্ট অৱদান আগবঢ়াই আহিছে। অসমীয়া কবিতাৰ এখন সুকীয়া আসনত প্রতিষ্ঠিত কবি বৰাৰ কাব্য-চৰ্চাত জিলিকি আছে আধুনিক জীৱনৰ মূল্যবোধৰ উজ্জ্বল প্রকাশ।

বৰেণ্য কবিগৰাকীয়ে ‘নিৰ্বাসিত সময়’, ‘শইচৰ মানুহ’, ‘অকলশৰীয়া ভয়’ ইত্যাদি কাব্যগ্ৰন্থৰে অসমীয়া কবিতাৰ ঐতিহ্যক চহকী কৰি থৈ গৈছে। প্ৰচুৰ মেধা , প্ৰজ্ঞাৰ গৰাকী হৈও সহজ সৰল জীৱন যাপন কৰিছিল বৰাই। এনে বিৰল ব্যক্তিত্বৰ গৰাকী ৰবীন্দ্ৰ বৰাৰ বিয়োগে মৰ্মাহত কৰিছে ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ লোকক। প্ৰকৃতাৰ্থত জাতিৰ বাবে ক্ষতি বৰাৰ বিয়োগ। তেওঁৰ মৃত্যুত বিভিন্ন স্তৰৰ লোকে শোক প্ৰকাশ কৰিছে।