মুখ্য-পৃষ্ঠা

দুয়োটা সমষ্টিতে ৰাহুল গান্ধীৰ অগ্ৰগতি...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত বিশাল বিজয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কংগ্ৰেছ নেতাগৰাকী উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু কেৰালাৰ ৱায়ানাড দুয়োটা সমষ্টিতে ৩লাখৰো অধিক ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিজেপিৰ দীনেশ প্ৰতাপ সিঙতকৈ ৩৮৮৭৪২টা ভোটত ৰাহুল গান্ধী আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছ নেতাগৰাকীয়ে কেৰালাৰ ৱায়ানাডত এন্নী ৰাজাতকৈ ৩৬৪১১১টা ভোটত অগ্ৰগতি লাভ কৰিছে।