মুখ্য-পৃষ্ঠা

অলিম্পিকত আমেৰিকাৰ হৈ স্বৰ্ণ পদক অৰ্জন ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰৰ পুত্ৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আমেৰিকাই ৪০টা সোণ, ৪৪টা ৰূপ আৰু ৪২টা ব্ৰঞ্জকে ধৰি ১২৬টা পদক লাভ কৰিছে। এইদৰে একেৰাহে চতুৰ্থ অলিম্পিকত আমেৰিকাই পদক তালিকাত নিজৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিছে।

ট্ৰেক এণ্ড ফিল্ডত আমেৰিকাই শক্তিশালী প্ৰদৰ্শন কৰাৰ লগতে এথলেটিকছত ১৪টা সোণ, ১১টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক লাভ কৰে। আমেৰিকাৰ হৈ ৪০০ মিটাৰ হাৰ্ডলছত স্বৰ্ণ পদক লাভ কৰে ৰায় বেঞ্জামিনে। কেৱল এয়াই নহয়, ৰায় বেঞ্জামিনৰ লগতে তেওঁৰ সতীৰ্থ ব্ৰাইচ ডেডমন, ভাৰ্নন নৰ্উড আৰু ক্রিষ্টোফাৰ বেইলীয়েও ৪x৪০০ মিটাৰ ৰিলেত আমেৰিকাৰ হৈ সোণৰ পদক লাভ কৰে। এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, পেৰিছ অলিম্পিকত আমেৰিকাৰ হৈ দুটাকৈ সোণৰ পদক লাভ কৰা এইগৰাকী ৰায় বেঞ্জামিনৰ পিতৃ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ক্ৰিকেটাৰ উইনষ্টন বেঞ্জামিন।

ৱেষ্ট ইণ্ডিজৰ হৈ উইনষ্টন বেঞ্জামিনে ২১খন টেষ্ট আৰু ৮৫খন এদিনীয়া খেলি ক্ৰমে ৬১ আৰু ১০০ উইকেট দখল কৰিছিল। উইনষ্টন বেঞ্জামিনে এগৰাকী প্ৰতিষ্ঠিত ক্ৰিকেটাৰৰ মৰ্যাদা লাভ কৰিব নোৱাৰিলে যদিও তেওঁৰ ৮বছৰীয়া কেৰিয়াৰত ৱেষ্ট ইণ্ডিজৰ বহু জয়ত যথেষ্ট অৰিহণা যোগাইছিল। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত বেঞ্জামিনে প্ৰশিক্ষক হিচাপে হাত উজান দিছিল।

উইনষ্টন বেঞ্জামিনৰ পুত্ৰ তথা পেৰিছ অলিম্পিকত দুবাৰকৈ স্বৰ্ণ পদক বিজয়ী ৰায় বেঞ্জামিনৰ জন্ম হৈছিল নিউয়ৰ্কত। ট্ৰেক ইভেণ্টত গুৰুত্ব দিয়াৰ আগতে তেওঁ ক্ৰিকেট আৰু আমেৰিকান ফুটবলো খেলিছিল। আমেৰিকাৰ এথলেটিকছলৈ যোৱাৰ পূৰ্বে ৰায় বেঞ্জামিনে ২০১৩ চনৰ বিশ্ব যুৱ চেম্পিয়নশ্বিপ আৰু ২০১৫ চনৰ বিশ্ব ৰিলেত এন্টিগুয়া আৰু বাৰবুডাক প্ৰতিনিধিত্ব কৰিছিল।

উল্লেখ্য যে, টকিঅ’ অলিম্পিক ২০২০ত ৰূপৰ পদক লাভ কৰিছিল ৰায় বেঞ্জামিনে। ইয়াৰ উপৰিও ২০১৯ চনৰ দোহা আৰু ২০২২ চনৰ ইউজিন বিশ্ব চেম্পিয়নশ্বিপত ৪০০ মিটাৰ হাৰ্ডলছতো ৰূপৰ পদক লাভ কৰিছিল। আপুনি জানি আচৰিত হব যে উইনষ্টন বেঞ্জামিনে ৰায় এজন ক্ৰিকেটাৰ হোৱাটো বিচাৰিছিল। পেৰিছ অলিম্পিকত পুত্ৰই স্বৰ্ণ পদক লাভ কৰা দেখি তেওঁ অতিশয় আনন্দিত হৈছে।