মুখ্য-পৃষ্ঠা

ৰাইজৰ দলৰ নেত্ৰী সংগীতা গগৈৰ মৃত্যুঃ অখিল গগৈৰ শোক প্রকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্রহণ অনুষ্ঠিত হৈ থকাৰ অৱস্থাতে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ দলীয় কার্যালয়ত নির্বাচনী কামত ব্যস্ত হৈ থকাৰ সময়তে ৰাইজৰ দলৰ এগৰাকী সক্রিয় কর্মী আকস্মিকভাৱে প্ৰেচাৰ ষ্ট্ৰ'কত আক্রান্ত হৈ মৃত্যু হয়।

ৰাইজৰ দলৰ জ্যেষ্ঠ কর্মী দীপক গগৈৰ পত্নী অসুস্থা সংগীতা গগৈক লগে লগে দলীয় সতীর্থসকলে শিৱসাগৰ নগৰস্থিত প্রগতি নাৰ্ছিংহোমলৈ চিকিৎসাৰ বাবে লৈ আহে যদিও চিকিৎসকে মৃত ঘোষণা কৰে যে সংগীতা গগৈক। চিকিৎসকসকলে জানিবলৈ দিয়া অনুসৰি সংগীতা গগৈয়ে প্ৰেচাৰ ষ্ট্ৰ'কত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে।

নিৰ্বাচনৰ মাজত এনে এটি আকস্মিক শোকাৱহ ঘটনা সংঘটিত হোৱাত কেৱল বানমুখ পঞ্চায়ত এলেকাতেই নহয় সমগ্ৰ শিৱসাগৰ বিধানসভা সমষ্টিতে শোকৰ ছাঁ পৰে। সংগীতা গগৈয়ে মৃত্যুৰ পূৰ্বে তেওঁৰ স্বামী আৰু দুই পুত্র সন্তানক এৰি থৈ যায়। সংগীতা গগৈৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মুনিন্দ্র লাহন, কাৰ্যকৰী সভাপতি মইনুদ্দিন আহমেদ আৰু শিৱসাগৰ বিধানসভা সমষ্টিৰ সভাপতি জিতুজ্যোতি গায়নসহ দলীয় কর্মীসকলে সংগীতা গগৈৰ ঘৰত উপস্থিত হয়।

সম্পূর্ণ দলীয় নিয়মেৰে ৰাইজৰ দলৰ সক্রিয় কর্মীগৰাকীক শেষ বিদায় জনোৱাৰ পাছত তেওঁক মটক সম্প্ৰদায়ৰ পৰম্পৰাগত নিয়ম অনুসৰি মৈদাম দিয়া হয়। ৰাইজৰ দলৰ বানমুখ আঞ্চলিকৰ সভাপতি কবিড বৰুৱাই স্থানীয় গাওঁবাসীৰ সৈতে সম্পূর্ণ সহযোগিতা আগবঢ়াই মৈদাম দিয়া কার্য সমাপন কৰে।

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মৃত্যুৰ খবৰ পোৱাৰ লগে লগে দলীয় নেতৃবৰ্গক পৰিয়ালটোৰ কাষত থিয় দিবলৈ নিৰ্দেশ দিয়াৰ লগতে পৰিয়াল আৰু স্থানীয় ৰাইজৰ ওচৰত গভীৰ শোক প্ৰকাশ কৰে। এক প্ৰেছ বিবৃতিত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে দলীয় কর্মীগৰাকীৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ৰাইজৰ দলৰ সভাপতিজনে কয় যে সংগীতা গগৈৰ স্মৃতি সুৰক্ষিত কৰি ৰাখিবলৈ ৰাইজৰ দল আৰু বিধায়কগৰাকীয়ে আন্তৰিক প্রচেষ্টা গ্রহণ কৰিব।