মুখ্য-পৃষ্ঠা

ৰঙিয়াত অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলৰ কাৰ্যালয় মুকলি

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙিয়া: "১৬টা দল একত্ৰিত হৈ বিৰোধী হিচাপে উপ-নিৰ্বাচন, পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচন খেলিব লাগে। মই ২৬ লৈকে এইটো কৈয়ে থাকিম। তেতিয়াহে আমি বিজেপিক হৰুৱাব পাৰিম। ইতিমধ্যে কংগ্ৰেছে সিদ্ধান্ত লৈছে"- এই মন্তব্য বিধায়ক অখিল গগৈৰ।

সোমবাৰে ৰঙিয়াত ৰাইজৰ দলৰ এক কাৰ্যালয় মুকলি কৰে বিধায়ক অখিল গগৈয়ে। ৰঙিয়াৰ মূৰাৰাত দিনৰ ভাগত প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰা মুকলি অনুষ্ঠানত বিধায়ক অখিল গগৈৰ উপস্থিতিত কেইবাগৰাকীও লোক ৰাইজৰ দলত যোগদান কৰে।

উল্লেখ্য যে এই অনুষ্ঠানত বিজেপিৰ পৰা পদত্যাগ কৰা তথা ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক গোপাল কাকতি,ৰাইজৰ দলৰ ৰঙিয়াৰ সভাপতি হৰেশ্বৰ বৰ্মনৰ উপৰিও কেইবাগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকে। সভাত অনাগত বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিত ৰাইজৰ দলে এক সবল ভেটি ৰূপায়ণৰ পৰিকল্পনা গ্ৰহণ কৰে।

আনহাতে দুদিনীয়া কাৰ্যসূচী লৈ ৰঙিয়াত কালি নিশা উপস্থিত হোৱা বিধায়ক অখিল গগৈক বহুলোকে আদৰণি জনাইছিল। তাৰপিছত নিশা ৰঙিয়া আবৰ্ত ভৱনত কটাই সোমবাৰে কাৰ্যালয় মুকলি কৰি আবেলি পুনৰ গুৱাহাটীলৈ ৰাওনা হয় বিধায়ক গগৈ।