মুখ্য-পৃষ্ঠা

ডাঙৰ খবৰঃ দুৰ্ঘটনাগ্ৰস্ত 'কাঞ্চনজংঘা'ত আছিল অসমৰ ৯৫গৰাকী যাত্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱা কাঞ্চনজংঘা যাত্ৰীবাহী ৰেলখনত আছিল অসমৰ ৯৫গৰাকীকৈ যাত্ৰী। শেহতীয়াকৈ ৰেলৱে বিভাগে সদৰি কৰিছে এই তথ্য। অৱশ্যে এই সংখ্যা পিছৰ পৰ্যায়ত আৰু অধিক বৃদ্ধি হবও পাৰে। অৱশ্যে সকলোৰে স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

এই ৯৫গৰাকী যাত্ৰীৰ ভিতৰত লামডিঙৰ ৪৫ জনকৈ যাত্ৰী, লংকাৰ ২৪ গৰাকী আৰু হোজাইৰ ২৬ গৰাকী যাত্ৰী আছিল বুলি সদৰি কৰিছে। সংৰক্ষিত আসনত যাত্ৰা কৰা লামডিং ৪৫ গৰাকী যাত্ৰী পশ্চিমবংগৰ বিভিন্ন ঠাইলৈ যাত্ৰা কৰিছিল ।

ইতিমধ্যে, লামডিং ৰে'ল ডিভিজনে কে'বাটিও হেল্পলাইন নম্বৰ মুকলি কৰিছে। লামডিং ৰেল ডিভিজনে মুকলি কৰা হেল্প লাইন নম্বৰ কেইটা হৈছে- 03674-263958, 263831, 263120, 263126, 263858।

উল্লেখ কৰা প্ৰয়োজন যে, এই ৰেল দুৰ্ঘটনাটোত এতিয়ালৈকে বহুকেইজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৩০ৰো অধিক লোক আহত হৈছে। উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত আছে।

ৰেল বিভাগে প্ৰাৰম্ভিক কিছু তথ্যত সদৰি কৰিছে যে, এক্সপ্ৰেছখনৰ অধিকাংশ যাত্ৰীয়েই আগৰতলাৰ। কাঞ্চনজংঘা এক্সপ্ৰেছৰ অসমতো আছে বহুকেইটা ষ্টপেজ। ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পৰা নিউ কৰিমগঞ্জ ষ্টেচনত কাঞ্চনজংঘাৰ প্ৰথমটো ষ্টপেজ।

তাৰপিছত বদৰপুৰ, নিউ হাফলং, লামডিং, লংকা, হোজাই, গুৱাহাটী, কামাখ্যা, ৰঙিয়াত ষ্টপেজ। লগতে, বৰপেটা ৰোড, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম, গোসাঁইগাঁও হাটতো আছে ষ্টপেজ।

ইফালে পশ্চিমবংগৰ ৰেল দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰীয়ে টুইটযোগে শোক ব্যক্ত কৰাৰ লগতে আহতসকলৰ উচিত চিকিতসা আৰু উদ্ধাৰ অভিযান ক্ষীপ্ৰ কৰিবৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি, ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ।

প্ৰধানমন্ত্ৰীয়ে এই দুৰ্ঘটনাত নিহত সকললৈ ২লাখ আৰু আহতসকলক ৫০হাজাৰ টকাৰ প্ৰাৰম্ভিক সাহায্যৰ কথা ঘোষণা কৰিছে। ৰেল বিভাগৰ তৰফৰ পৰাও নিহতসকলৰ পৰিয়াললৈ ১০লাখ টকা আৰু আহতসকলৰ পৰিয়াললৈ ২.৫লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে।