মুখ্য-পৃষ্ঠা

আপুনিও যাব পাৰেঃ ফ্ৰীতে থাকিব পাৰিব ৰজাৰ দৰে ৰাজপ্ৰসাদত!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ‘ৰজাৰ দেশ’ বুলি কোৱা হয় ৰাজস্থানক। মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য ৰাজস্থান। বিভিন্ন ৰজা দিনীয়া কিলা, দুৰ্গ, অট্টালিকা আদিৰে ভৰপূৰ ৰাজস্থান।

ৰাজস্থানৰ ইতিহাস আৰু ইয়াত থকা পুৰণিকলীয়া অট্টালিকাবোৰ অতি অনন্য। তাৰে এটা হৈছে ৰাজস্থানৰ জয়শালমেৰ দুৰ্গ, যাৰ সমৃদ্ধ ইতিহাসে পৰ্যটকক যথেষ্ট আকৰ্ষিত কৰে। ৰাজস্থানৰ ঐতিহাসিক গৌৰৱ এই জয়শালমেৰ দুৰ্গটোৰ ইতিহাস অতি আকৰ্ষণীয়।

উল্লেখযোগ্য যে ৰাজস্থানৰ এই কিলাটোক লিভিং ফৰ্ট বুলিও কোৱা হয়। এই কিলাটো ৰাজস্থানৰ ত্ৰিকুটা পাহাৰত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উৎকৃষ্ট সৌন্দৰ্য আৰু গাঁথনি সমগ্ৰ বিশ্বতে বিখ্যাত।

জয়শালমেৰ দুৰ্গ ইতিহাসৰ দ্বাপাৰ যুগৰ সৈতে জড়িত। কোৱা হয় যে মহাভাৰতৰ যুদ্ধৰ সময়ত বহু সংখ্যক যোদ্ধা ইয়ালৈ আহিছিল আৰু এই কিলাত বাস কৰিছিল। এই দুৰ্গটোৰ এটা আচৰিত কথা হৈছে যে এই কিলাটোত বাস কৰা নামত দিব নালাগে কোনো ভাড়া। ফ্ৰীতে থাকিব পাৰিব এই কিলাটোত। বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিপ্ৰাপ্ত জয়শালমেৰ দুৰ্গতোত পৰ্যটকসকলে গৈ বিনামূলীয়া কৈ থাকিব পৰাৰ ব্যৱস্থা কৰা আছে।

১৯৫৬ চনত ৰাও জয়শালে জয়শালমেৰ নামৰ এখন নগৰ প্ৰতিষ্ঠা কৰিছিল। সেয়ে তেওঁৰ নামেৰে এই নগৰৰ নাম জয়শালমেৰ হয়। দুৰ্গ, হাউলীৰে ভৰা জয়শালমেৰ নগৰক থৰ মৰুভূমিৰ সোণালী নগৰ বুলি কোৱা হয়। কিয়নো এই নগৰ থৰ মৰুভূমিৰ সোঁমাজত অৱস্থিত আৰু এই সকলো কিল্লা (দুৰ্গ), হাভেলী (হাউলী), প্ৰাসাদ-কাৰেং সোণালী ৰঙৰ। জয়শালমেৰ নগৰৰ উল্লেখযোগ্য স্থাপত্যবোৰ হ'ল- মন্দিৰ পেলেচ, পাট্টনকী হাভেলী আৰু সোণৰ কিল্লা।

উল্লেখ্য যে প্ৰায় ৪০০০ লোক এতিয়াও এই দুৰ্গৰ ভিতৰত বাস কৰে। কোৱা হয় যে জয়শাল ৰজাই তেওঁৰ প্ৰজাসকলক ১৫০০ ফুট দীঘল দূৰ্গ উপহাৰ দিছিল।  যিসকলে বৰ্তমান সময়ত এই দুৰ্গসমূহ চোৱাচিতা কৰে তেওঁলোকৰ বংশধৰসকলে ইয়াত বিনামূলীয়াকৈ বাস কৰে।

বিভিন্ন জাতি-উপজাতিৰ মিলনভূমি এই ৰাজস্থানৰ আটাইতকৈ পুৰণি অধিবাসী আছিল ভীল (জনজাতি) আৰু মিনা (জনজাতি)সকল। পাছত ৰাজুপুতসকলে এই ভূমি শাসন কৰিছিল। সেয়ে পাছলৈ ঠাইখন ৰাজপুতনা হিচাপে খ্যাত হৈছিল। ৰাজস্থানৰ প্ৰতিটো স্থাপত্যই ৰাজপুতসকলৰ ঐতিহ্যৰ কথা কৈ যায়।