মুখ্য-পৃষ্ঠা

ৰাজগড়ৰ ডাঃ লালপেথ লেবত যুৱতীক শ্লীলতাহানিৰ চেষ্টা: স্বত্বাধিকাৰী শ্যাম কাংকানীৰ বিৰুদ্ধে এজাহাৰ দাখিল

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটীঃ মহানগৰীত সংঘটিত হৈছে যুৱতী নিৰ্যাতনৰ ঘটনা। বৃহস্পতিবাৰে ৰাজগড়ৰ ডাঃ লালপেথ লেবৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে লেবত কৰ্মৰত এগৰাকী যুৱতীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। লেবৰেটৰিটোৰ স্বত্বাধিকাৰ শ্যাম কাংকানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।

পাণবজাৰ মহিলা থানাত এজাহাৰ দাখিলৰ পিছতেই আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে শ্যাম কাংকানীক। উল্লেখ্য যে, ভুক্তভোগীক ধনৰ প্রলোভন দি ঘটনাক গাপ দিয়াৰ চেষ্টা কৰিছিল কাংকানীয়ে।

এসপ্তাহৰ পূৰ্বৰ পৰাই যুৱতীগৰাকীক নিৰ্যাতন চলাই আহিছিল অভিযুক্ত কাংকানীয়ে। মুখ নুখুলিবলৈ ৬ মাহৰ দৰমহা আগধন হিচাপে দিয়াৰো প্রলোভন দিছিল। ভুক্তভোগীৰ ভাষ্য অনুসৰি স্বত্বাধিকাৰ শ্যাম কাংকানীয়ে কোঠালৈ মাতি যুৱতী গৰাকীক নিৰ্যাতন চলাই আহিছিল।