মুখ্য-পৃষ্ঠা

অযোধ্যাৰ ৰাম মন্দিৰত গুলীবিদ্ধ হৈ মৃত্যু এছ এছ এফ জোৱানৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰাপত্তাৰ বাবে নিয়োজিত এজন জোৱান গুলীবিদ্ধ হৈ মৃত্যু হয়। বুধবাৰে পুৱা প্ৰায় ৫.২৫ বজাত সংঘটিত হয় এই ঘটনা। মৃত জোৱানজন আম্বেদকাৰ নগৰৰ ২৫ বছৰীয়া শত্ৰুঘ্ন বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি,মৃত জোৱানজনৰ সতীৰ্থ সকলে পুৱা সেই স্থানত গুলীৰ শব্দ শুনে। লগে লগে উক্ত স্থানত উপস্থিত হৈ গুলীবিদ্ধ জোৱানজনক তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা দেখে। আহতক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আনহাতে এই ঘটনাৰ পাছতে মন্দিৰ এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাস্থলীত আই জি, এছ এছ পিৰ লগতে ফৰেনছিক দল উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত কৰে। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত এয়া আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।