পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন 
মুখ্য-পৃষ্ঠা

পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনঃ আজিও আদালতে ৰেহাই নিদিলে ৰামদেৱক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা মঙলবাৰেও ৰেহাই নাপালে যোগগুৰু ৰামদেৱে। ২৩ এপ্ৰিলত পুনৰ আদালতত হাজিৰ হ'ব লাগিব ৰামদেৱ। লগতে এসপ্তাহৰ সময়সীমা বান্ধি দিয়ে উচ্চতম ন্যায়ালয়ে। পতঞ্জলি আয়ুৰ্বেদৰ এমডি আচাৰ্য বালকৃষ্ণৰ সৈতে আজি উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছিল ৰামদেৱ।

উক্ত গোচৰ সন্দৰ্ভত ৰামদেৱৰ কৰণীয়ক লৈ তেওঁক ক্ষমা কৰিব পাৰি নেকি বুলি তেওঁক প্ৰশ্ন কৰে ন্যায়াধীশ হিমা কোহলীয়ে। এই সন্দৰ্ভত ৰামদেৱে ভুলৰ বাবে বিনাচৰ্তে ক্ষমা বিচৰা বুলি কয় যদিও তেওঁ সংবাদমেল সম্বোধন কৰা লগতে বিজ্ঞাপনো দিছিল বুলি আদালতে উভতি ধৰে।

আদালতে কয় যে,"আমি আপোনাক এতিয়াও ক্ষমা দিয়া নাই। এই ঘটনাক লৈ আমি চিন্তা কৰিম। আপোনাৰ ইতিহাসো একেধৰণৰ। কোটিটকীয়া কোম্পানী হ'লে এনেধৰণৰ কাম নকৰিলেহেঁতেন।" এই সন্দৰ্ভত ৰামদেৱে পুনৰাবৃত্তি নহয় বুলি আদালতক কয় যদিও এই ঘটনা ৩ বাৰকৈ হোৱা বাবে আদালতে তেওঁক ক্ষমা কৰা সিদ্ধান্ত লোৱা নাই বুলি জনাই।

উল্লেখ্য যে,চলিত বৰ্ষৰ ১৫ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দেশৰ মুখ্য ন্যায়াধীশক উদ্দেশ্যি এখন বেনামী পত্ৰ লাভ কৰিছিল, যাৰ প্ৰতিলিপি ন্যায়াধীশ কোহলী আৰু ন্যায়াধীশ আমানুল্লাহলৈ প্ৰেৰণ কৰা হৈছিল। পত্ৰখনত পতঞ্জলিয়ে অবিৰতভাৱে জাৰি কৰি থকা বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ কথা উল্লেখ কৰিছিল। ২০২৩ চনৰ ২১ নৱেম্বৰৰ সতৰ্কবাণীৰ পিছত আই এম এৰ জ্যেষ্ঠ অধিবক্তা পি এছ পাটোৱালিয়াও কাকতৰ বিজ্ঞাপন আৰু আদালতৰ শুনানিৰ পাছত ৰামদেৱ আৰু বালকৃষ্ণৰ এখন সংবাদমেলৰ প্ৰতিলিপি আদালতক দেখুৱাইছিল।

উক্ত অভিযোগ সন্দৰ্ভত কোম্পানীটোৰ পৰা উত্তৰ বিচৰা হৈছিল। আদালতে কয় যে, 'দেশখনক প্ৰতাৰণা কৰা হৈছে আৰু এই সন্দৰ্ভত চৰকাৰে চকু মুদি বহি আছে।' ১৯ মাৰ্চত আদালতক জনোৱা হৈছিল যে পতঞ্জলিয়ে অৱমাননা জাননীৰ উত্তৰ দাখিল কৰা নাই। ইয়াৰ পিছত ৰামদেৱ আৰু বালকৃষ্ণক ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল।