মুখ্য-পৃষ্ঠা

কলৈ গ'ল শিল্পী ৰমেন বৰুৱাঃ অন্তিম লোকেশ্যন ট্ৰেক কৰি আৰক্ষীৰ জোৰদাৰ অভিযান...

Asomiya Pratidin


ডিজিটেল ডেস্কঃ হঠাতে মানুহজন কলৈ গ’ল, কি হ’ল! সোমবাৰৰ সন্ধিয়াৰে পৰা তেওঁৰ গুণমুগ্ধসকলক এই প্ৰশ্নবোৰেই জুমুৰি ধৰি আছে। অসমীয়া সাংস্কৃতিক জগতৰ অন্যতম এগৰাকী শিল্পী, সংগীতকাৰ ৰমেন বৰুৱাৰ সন্ধান এতিয়ালৈকে ওলোৱা নাই। সোমবাৰে পুৱাভাগতে ঘৰৰ পৰা ওলাই যোৱা শিল্পীগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষেৰে যোৱা এটা পথত প্ৰত্যক্ষ কৰিছিল।

শিল্পীগৰাকী সেই বাটেৰে যোৱাৰ দৃশ্য চি চি টিভিতো ধৰা পৰিছে। ইয়াৰ পাছতে প্ৰায় ১মান বজাত উজান বজাৰৰ গণেশ মন্দিৰৰ সমীপত এগৰাকী মহিলাই দেখা পাইছিল শিল্পীগৰাকীক। সেই সময়ত তেওঁ নিজে নিজৰ সৈতে কিছু কথা পতাত ব্যস্ত আছিল বুলি মহিলাগৰাকীয়ে সদৰি কৰিছে।

বৰুৱাৰ ফোনটোও অফ হোৱাৰ বাবে তেওঁৰ সন্ধান প্ৰক্ৰিয়া অধিক জটিল হৈছে বুলি উদ্ধাৰকাৰী দলে মত ব্যক্ত কৰিছে। আৰক্ষীয়ে বৰুৱাৰ শেষ লোকেশ্যন ট্ৰেক কৰি দেখিছে যে, উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰতে তেওঁৰ শেষ অৱস্থিতি। ইতিমধ্যে নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰত অভিযান আৰম্ভ কৰিছে।

ইফালে বৰুৱা নিখোঁজ হোৱাৰ পাছতে পৰিয়ালত হাঁহাকাৰ লাগিছে। ভাতৃ দ্বীপেন বৰুৱাই সদৰি কৰা অনুসৰি, তেওঁ সদায়েই পুৱা ভিন্ন সাংস্কৃতিক কামৰ বাবে এনেকৈ ওলাই যায়। আৰু সোমবাৰৰ দিনটোতে তেনেকৈয়ে গৈছিল। কিন্তু সন্ধিয়া লৈকে তেওঁ উভতি নহা আৰু ফোন অফ পোৱাৰ পাছতে তেওঁলোকে আৰক্ষীক খবৰ দিছিল।

উক্ত বিষয়টোক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক কোনো ক্ৰুটি নথকাকৈ অভিযান চলাবলৈ সোমবাৰে নিশাই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিল্পী জুবিন গাৰ্গেও ওৰে নিশা উজান বজাৰৰ ভিন্ন স্থানত ব্যক্তিগতভাৱে অভিযান চলায় বিশিষ্ট শিল্পীগৰাকীৰ সন্ধানত।