টিকট নাপাই ৰামেশ্বৰ তেলীৰ মনৰ দুখ!  
মুখ্য-পৃষ্ঠা

জীৱনত ৰাজনীতি নকৰোঃ টিকট নাপাই ৰামেশ্বৰ তেলীৰ মনৰ দুখ!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে ইতিমধ্যে ঘোষণা কৰিছে অসমৰ ১১টা সমষ্টিৰ প্ৰাৰ্থিত্ব তালিকা। এই তালিকা প্ৰকাশৰ পাছতে বিজেপিৰ একাংশ পুৰণি নেতাই অসন্তুষ্ট হোৱা পৰিলক্ষিত হৈছিল। শেহতীয়াকৈ এই অসন্তুষ্ট নেতাৰ তালিকাত যোগ হ'ল বৰ্তমানৰ ডিব্ৰুগড় সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ।

ডিব্ৰুগড়ৰ পৰা টিকট কৰ্তন হোৱাৰ পাছতে যোৱা শুকুৰবাৰে এখন সভা সম্বোধন কৰি আওপকীয়াকৈ নিজৰ অসন্তুষ্টি ব্যক্ত কৰিলে ৰামেশ্বৰ তেলীয়ে। সভাখনত বক্তব্য ৰাখি ৰামেশ্বৰ তেলীয়ে কয়- ৰাষ্ট্ৰীয় নেতৃত্বই বিবেচনা কৰি মোৰ টিকটতো কৰ্তন কৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক প্ৰদান কৰিলে। মোৰ কব লগা নাই। মই হৈছো পৰিয়াল নথকা আৰু ব্যৱসায় নকৰা ৰাজনৈতিক নেতা। টিকট নাপালেও প্ৰচাৰবিহীন ভাৱে কাম কৰি যাম। আগৰে পাই এনেকৈয়ে কাম কৰি আহিছো।'

ৰামেশ্বৰ তেলীয়ে এই বক্তব্য ৰখাৰ পাছতে সাংবাদিকে তেওঁক সুধিছিল যে, টিকট নোপোৱাৰ বাবে কোনো অসন্তুষ্টি আছে নেকি! সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰামেশ্বৰ তেলীয়ে কয়- মই টিকটতো নাপাম বুলি ভৱাই নাছিলো। জীৱনত আৰু ৰাজনীতি নকৰো। কিন্তু ৰাইজৰ বাবে কাম কৰি যাম।'' কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই স্পষ্টৰূপত তেওঁৰ অসন্তুষ্টি প্ৰকাশ কৰে। ৰামেশ্বৰ তেলীৰ এই মন্তব্যৰ পাছতে বিৰোধীয়েও কটাক্ষ কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বক।

উল্লেখ নকৰি নোৱাৰি যে, ৰামেশ্বৰ তেলীক টিকট প্ৰদান কৰা নাই যদিও তেলীক ৰাজনৈতিক সংস্থাপনৰ বাবে বিকল্প চিন্তা বিজেপিয়ে কৰি থৈছে বুলি চৰ্চা হৈছে। ৰাজ্যসভাৰ সাংসদ কৰি ৰামেশ্বৰ তেলীক পুনৰ দিল্লীত অধিষ্ঠিত কৰিব বুলি চৰ্চা হৈছে ৰাজনৈতিক মহলত। অৱশ্যে সময়েহে কব এই চৰ্চা কিমান বাস্তৱত পৰিণত হয়।