মুখ্য-পৃষ্ঠা

প্ৰেমিকাক হত্যা কৰি প্ৰেমিকৰ আত্মসমৰ্পণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ  ৰঙিয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকাক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰিছে এজন প্ৰেমিকে। অভিযুক্ত প্ৰেমিক তফিকুল আলীয়ে প্ৰেমিকা চনিয়াৰা বেগম (মাজনী) ক হত্যা কৰি পেলাই দিছিল ৰঙিয়া নলবাৰী সীমান্তৰ নোনা নৈৰ পাৰত। মৃত চনিয়াৰা বেগমৰ ঘৰ ইচ্ছাপুৰৰ মাহতলীত। হত্যাকাণ্ড সংঘটিত কৰা ধৃত প্ৰেমিক গৰাকী ৰঙিয়াৰ ভাটকুছিৰ তাফিকুল আলী বুলি আৰক্ষী সূত্ৰই জনায় ।

ঘটনাস্থলীত পিছত ৰঙিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে । প্ৰেমজনিত কাৰণত হত্যাকাণ্ড সংঘটিত কৰা হয় বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে দুমাহ পিছত বিয়া হোৱাৰ কথা আছিল বুলি জানিব পৰা গৈছে। সম্প্ৰতি হত্যাকাণ্ড সংঘটিত কৰা প্ৰেমিক তফিকুল আলীক গ্ৰেপ্তাৰ কৰি পিছত জে'ল হাজোতলৈ প্ৰেৰণ কৰে। শনিবাৰে তফিকুল আলীয়ে আত্মসমৰ্পণৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে।