মুখ্য-পৃষ্ঠা

ৰঙিয়াৰ মৰাণজানাত দুৰ্ঘটনা, নিহত ১

Asomiya Pratidin

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়াৰ সোঁমাজেৰে যোৱা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰগতিত অহা বিদ্যুৎ বিভাগৰ ঠিকাদাৰৰ AS25DC 5729 নম্বৰৰ বলেৰ' পিকাপ ভানখন মৰাণজানাত গৰু এটা বচাবলৈ লোৱা সময়তে পথ দুৰ্ঘটনাত পতিত হয়।

ফলত এজন ব্যক্তি নিহত হোৱাৰ উপৰিও দুগৰাকী লোক গুৰুতৰ ভাবে আহত হয়। উক্ত ঘটনাত ৰঙিয়া খাতেলপাৰাৰ অনন্ত বড়ো নামৰ এজন শ্ৰমিকৰ মৃত্যু হয়। ইয়াৰোপৰি আন দুজন গুৰুতৰ ভাবে আহত হয়। ইফালে ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ সহযোগত আহত দুজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।