মুখ্য-পৃষ্ঠা

নিৰ্মল হালৈ মহাবিদ্যালয়ৰ নৱ নিৰ্মিত ভৱন উদ্বোধন কৰিলে ৰণজিৎ কুমাৰ দাসে...

Asomiya Pratidin

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ পাটাছাৰকুছিৰ উচ্চ শিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান নিৰ্মল হালৈ মহাবিদ্যালয়ত নৱনিৰ্মিত ভৱন এটা সোমবাৰে উদ্বোধন কৰা হয় ৷ মহাবিদ্যালয়খনলৈ অসম চৰকাৰৰ “ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ২.০ ” চমুকৈ “ৰুছা ২.০” আঁচনিৰ অধীনত অনুদান হিচাপে আগবঢ়োৱা দুই কোটি টকাৰ এক কোটি টকাৰে নিৰ্মিত এই ভৱনটো উদ্বোধন কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

ভৱন উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে “ মহাবিদ্যালয়খনত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰাৰ বাবে চেষ্টা কৰি থকা হৈছে আৰু কাৰিকৰী অসুবিধাৰ বাবেহে হৈ উঠা ৷ এই কাৰিকৰী অসুবিধা দুৰ কৰিব পাৰিলেই মহাবিদ্যালয়খনত বিজ্ঞান শিক্ষাৰ আৰম্ভ হ’ব ৷ ” তেওঁ লগতে মহাবিদ্যালয়খনৰ পৰিৱেশ ভাল বুলি কৈ মহাবিদ্যালয়খনত থকা প্ৰেক্ষাগৃহটো আধুনিকভাৱে সকলো সুবিধা থকা এটা উন্নত মানৰ প্ৰেক্ষাগৃহ হিচাপে নিৰ্মাণ কৰিব বুলি মন্তব্য কৰে৷

মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত মহাবিদ্যালয়খনৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ ভূপেশ শৰ্মাইয়ো অংশগ্ৰহণ কৰে ৷ মহাবিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপক জিতেন্দ্ৰ নাথ ভাগৱতীয়ে আঁত ধৰা উক্ত সভাত উপস্থিত থকা সকলোকে শলাগৰ শৰাই আগবঢ়ায় মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ কৌশিক কুমাৰ ডেকাই ৷ তেওঁ লগতে এই ২কোটি টকাৰ বাকী থকা টকাৰে খেলৰ সামগ্ৰী , কম্পিউটাৰ ছেট ক্ৰয়ৰ উপৰিও আন আন শিতানৰ বাবে ধাৰ্য্য কৰা বুলি অৱগত কৰে ৷