মুখ্য-পৃষ্ঠা

এবাৰেই হৈছিল প্ৰেম! বিয়া নহ'ল যদিও বেলেগক হৃদয় নিদিলে টাটাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰতন টাটাও এদিন গভীৰ প্ৰেমত পৰিছিল। প্ৰেমিকাৰ সৈতে একেলগে ঘৰ সজাৰ সপোন দেখিছিল। একেলগে সংসাৰৰ সপোন মনত পুঁহি ৰাখিয়েই ৰতন টাটাই ঘৰতো জনাইছিল প্ৰেমিকাৰ বিষয়ে। কিন্তু তেওঁলোকে ভৱাৰ দৰে সকলো নহ'ল।

আমেৰিকাৰ লছ এঞ্জেলিছত থাকোতে ৰতন টাটাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেম হৈছিল। লাহে লাহে সেই প্ৰেম গভীৰ হৈছিল। সম্পৰ্কটো বিয়াৰ নাম দিয়াৰ উদ্দ্যেশ্যৰে দুয়োখন ঘৰৰ মাজত কথা-বতৰাও চলিছিল। কিন্তু এদিন হঠাতে আইতাকৰ শাৰিৰিক অসুস্থতাৰ বাবে ৰতন টাটা ঘূৰি আহিব হয় দেশলৈ।

দেশলৈ ঘূৰি অহাৰ পাছত বিদেশী প্ৰেমিকাৰ সৈতে বিয়াৰ কথা চলিছিল। লছ এঞ্জেলিছৰ পৰা ভাৰতলৈ অহাৰ কথা আছিল ৰতন টাটাৰ প্ৰেমিকা। কিন্তু সেই সময়তে ভাৰত-চীনৰ যুদ্ধ আৰম্ভ হৈছিল। যাৰ বাবে পৰিয়ালে ভাৰতলৈ আহিবলৈ নিদিলে যুৱতীগৰাকীক।

ইয়াৰ পাছতে ৰতন টাটা আৰু সেই বিদেশী যুৱতীগৰাকীৰ সম্পৰ্ক ইমানতে ইতি পৰে। ইয়াৰ পাছত আৰু কোনোদিন কোনো যুৱতীৰ সৈতে সম্পৰ্কত অহা নাই ৰতন টাটা। চিৰকুমাৰ ৰতন টাটাক এদিন এটা সাক্ষাতকাৰত সোধা হৈছিল প্ৰেম আৰু বিয়াৰ বিষয়ে। তাৰ উত্তৰত তেওঁ কৈছিল যে, ঘৰৰ পৰা তেওঁৰ ৪বাৰকৈ বিয়া ঠিক কৰা হৈছিল কিন্তু বাৰে বাৰে বিশেষ অসুবিধাবশঃত সেই বিয়া হোৱা পোৱা নাছিল।

প্ৰেমত সফলতা লাভ কৰিব নোৱাৰিলেও প্ৰথম প্ৰেমক সদায়েই সসন্মানেৰে স্মৰণ কৰিছিল ৰতন টাটাই। প্ৰথমগৰাকী প্ৰেমিকাৰ স্মৃতি সদায়েই বুকুত লৈ ফুৰাৰ কথাও ৰাজহুৱাকৈ কৈছিল ৰতন টাটাই।