মুখ্য-পৃষ্ঠা

মায়ঙতো অব্যাহত আছে ৰীমালৰ তাণ্ডৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ, মায়ংঃ ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে মৰিগাঁও জিলাৰ মায়ঙতো ঘূৰ্ণী বতাহৰ তাণ্ডৱ অব্যাহত আছে। সোমবাৰে নিশাৰ পৰা আৰম্ভ হোৱা ঘূৰ্ণী বতাহৰ প্ৰকোপ বৰ্তমান লৈ অব্যাহত আছে। জানিব পৰা মতে বিভিন্ন ঠাইত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিছে।

মায়ঙৰ কুৰানীবৰী অঞ্চলৰ বৈদ্যুতিক খুঁটা উভালি পৰিছে। এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি বিধ্বস্ত ক্ষতি সাধন কৰিছে। কথমপি প্ৰাণ ৰক্ষা পৰিছে পৰিয়ালটোৰ।ব্যস্ত পথত যানবাহন চলাচল বন্ধ হৈ পৰিছে। একপ্ৰকাৰ গৃহ বন্দী হৈ আছে জনজীৱন।ইতিমধ্য মৰিগাঁও জিলা প্ৰশাসনে বিদ্যালয়সমূহত বন্ধ ঘোষণা কৰিছে। বহু ঠাইত গছ-গছনি আৰু ঘৰ-দুৱাৰ ভাঙিছে।