মুখ্য-পৃষ্ঠা

শিশুৰ আপত্তিজনক ভিডিঅ' চোৱা আৰু চেভ কৰি ৰখাটোও প’ক্স’ আইনৰ অধীনত অপৰাধ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কেৱল আদান প্ৰদান বা আপলোড কৰাই নহয়। শিশুৰ আপত্তিজনক ভিডিঅ’ চোৱা বা মোবাইল, লেপটপৰ দৰে যিকোনো ডিভাইচ সংৰক্ষণ কৰাটোও প’ক্স’ আইনৰ অধীনত এক অপৰাধ। সোমবাৰে এই মন্তব্য কৰে শেষাংশ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ জে বি পৰ্দিৱালাৰ সংমণ্ডল বিচাৰপীঠে। শিশু পৰ্ণগ্ৰাফী চোৱাৰ সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়কো খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে।

দেশৰ শীর্ষ ন্যায়ালয়ে এই সন্দর্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে “গুৰুতৰ ভুল” কৰা বুলি উল্লেখ কৰিছে৷ ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে আদালতৰ কাৰ্য্যবিধিত ‘শিশু পৰ্ণগ্ৰাফী’ শব্দটো ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। ইয়াৰ পৰিৱৰ্তে 'চাইল্ড চেক্সুৱেলী এবিউছড এণ্ড এক্সপ্লয়েটেটিভ মেটেৰিয়েল’ (শিশুৰ যৌন নিৰ্যাতন আৰু শোষণমূলক সামগ্ৰী) লিখিবলৈ নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে। উল্লেখ্য যে, এজন ২৮ বছৰীয়া যুৱকৰ বিৰুদ্ধে শিশু পৰ্ণগ্ৰাফী চোৱা আৰু নিজৰ ফোনত ডাউনলোড কৰাৰ অভিযোগ উত্থাপন হৈছিল।

এই অভিযোগ দাখিল হোৱাৰ পিছতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অভিযুক্তই। গোচৰটোত তেওঁৰ অনুৰোধ আছিল যে শিশু পৰ্ণগ্ৰাফী চোৱাৰ পিছতো তেওঁ কাৰো লগত শ্বেয়াৰ কৰা নাছিল বা আপলোড কৰা নাছিল। এই আবেদনৰ পিছতে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে লোকজনৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক কাৰ্য্যবিধি বাতিল কৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিজৰ ৰায়ত কয় যে তথ্য প্ৰযুক্তি আইনৰ ৬৭বি ধাৰা অনুসৰি শিশুৰ যৌন সম্পৰ্কীয় সামগ্ৰী প্ৰকাশ, ভাগ-বতৰা বা সৃষ্টি কৰাটো অপৰাধ। কিন্তু কেৱল সেই ছবিখন দেখা বা ৰাখিলে অপৰাধ নহয়। উচ্চ ন্যায়ালয়ৰ এই যুক্তিৰ ভিত্তিত অভিযুক্তক দোষমুক্ত কৰা হয়।

কিন্তু মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে সমগ্ৰ দেশতে সমালোচনাৰ সৃষ্টি হয়। উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই কেইবাটাও গোচৰ ৰুজু হয় উচ্চতম ন্যায়ালয়ত। সেই প্ৰসংগত উচ্চতম ন্যায়ালয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ৰায়ক “গুৰুতৰভাৱে ত্ৰুটিপূৰ্ণ” বুলি অভিহিত কৰে আৰু শিশু পৰ্ণগ্ৰাফী চোৱা বা সংৰক্ষণ কৰাটোও প’ক্স’ আইনৰ অধীনত অপৰাধ বুলি মন্তব্য কৰে। ইফালে উচ্চতম ন্যায়ালয়ৰ এই প্ৰতিক্ৰিয়াৰ পিছতে মাদ্ৰাজ উচ্চ ন্যায়ালয়েও আবেদনকাৰীৰ বিৰুদ্ধে পুনৰ অপৰাধমূলক কাৰ্য্যবিধি আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ আজিৰ এই নিৰ্দেশক আদৰণি জনাইছে বিভিন্ন দল-সংগঠনে।