মুখ্য-পৃষ্ঠা

দেশৰ ২০ খন ধনী ৰাজ্যৰ তালিকাত কিমানত অসমৰ স্থান ? পঢ়ক সবিশেষ…

asomiyapratidin

দেশত অৰ্থনৈতিক মন্দাৱস্থা। ছেনছেক্স-ডলাৰৰ সঘন উঠা-নমা । ইয়াৰ মাজতে দেশৰ ২০ খন ধনী ৰাজ্যৰ তালিকাত কোন কেইখন ৰাজ্য আছে? বিশ্ব অৰ্থনীতিত ভাৰতৰ স্থান কি? ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন

দেশত এতিয়া অৰ্থনৈতিক মন্দাৱস্থা। ছেনছেক্স-ডলাৰৰ সঘন উঠা-নমা। ডলাৰৰ বিপৰীতে হোৰা-হোৰে হ্ৰাস পাইছে টকাৰ মূল্য। অৱশ্যে ইয়াৰ মাজতে কিছুদিনৰ পূৰ্বে বিত্তমন্ত্ৰীয়ে কৰ্পৰেট প্ৰতিষ্ঠানসমূহক কৰ ৰেহাই দিয়া ঘোষণাই কঢ়িয়াই আনিছে কিছু আশাৰ বতৰা। কিন্তু, ২০২৪-২৫ৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৫ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা চৰকাৰখনৰ এই পদক্ষেপেই জানো যথেষ্ট!

ইণ্ডিয়া ৰেৰ্টিঙছৰ এক প্ৰতিবেদনৰ মতে, ২০১৯-২০ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ হৈছে ৬.৭ শতাংশ। ইয়াৰ পূৰ্বে ইয়াৰ পৰিমাণ আছিল ৭.৩ শতাংশ। মন কৰিবলগীয়া কথাতো হল যে বিগত ৬ বছৰত ২০১৯-২০ বিৰ্ত্তীয় বৰ্ষৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰেই হৈছে সবাতোকৈ নিম্ন। ইয়াৰ ভিন্ন কাৰণো আছে। অৱশ্যে এই লেখাত এই দিশবোৰৰ বিষয়ে আলোচনা কৰা নহয়। মুঠ ঘৰুৱা উৎপাদনৰ ওপৰত ভিত্তি কৰি দেশৰ ২০ খন ধনী ৰাজ্যৰ বিষয়ে এই প্ৰতিবেদনত থুলমুলকৈ আলোচনা কৰা হব।

মুঠ ঘৰুৱা/গৃহ উৎপাদন কিঃ

এখন দেশৰ এটা নিৰ্দিষ্ট বছৰত দেশীয় অৰ্থনীতিৰ ভিতৰত উৎপাদিত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুঠ পৰিমাণকে মুঠ গৃহ উৎপাদন আখ্যা দিয়া হয় ৷ এইক্ষেত্ৰত চূড়ান্ত দ্ৰব্য বুলিলে সেইবিলাক দ্ৰব্যক বুজা যায় যিবিলাক দ্ৰব্য উপভোগৰ বাবে সম্পূৰ্ণ সাজু হৈ পৰে অৰ্থাৎ যিবিলাক দ্ৰব্যৰ ক্ষেত্ৰত পূনৰ কোনোধৰণৰ অৰ্থনৈতিক মূল্য সংযোজিত নহয় সেইবিলাক দ্ৰব্যই হৈছে চূড়ান্ত দ্ৰব্য ৷

এটা কথা উল্লেখ কৰিব লাগিব যে মুঠ গৃহ উৎপাদনৰ সম্পূৰ্ণ অংশ গৃহ দেশৰ নাগৰিকৰ হাতলৈ নাযায়৷ উদাহৰণ স্বৰূপে ধৰা হ'ল ভাৰতবৰ্ষৰ এজন নাগৰিকে বিদেশত চাকৰি কৰে আৰু তাৰ বাবদ তেওঁ সেই দেশখনৰ পৰা পৰা যিমান পৰিশ্ৰমিক লাভ কৰিব সেইখিনি সেই দেশখনৰ মুঠ গৃহ উৎপাদনৰহে অন্তৰ্ভূক্ত হব ৷ তাৰ বিপৰীতে বিদেশৰ এজন নাগৰিকে ভাৰতবৰ্ষত লাভ কৰা পৰিশ্ৰমিক ভাৰতবৰ্ষৰ মুঠ গৃহ উৎপাদনৰহে অন্তৰ্ভূক্ত হ'ব৷

বিশ্বৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ জি ডি পিঃ

আমি আৰম্ভণিতেই উল্লেখ কৰিছিলো যে, ২০১৯-২০ বিত্তীয় বৰ্ষত ভাৰতবৰ্ষৰ মুঠ ঘৰুৱা উৎপাদন ৭.৩ ৰ পৰা হ্ৰাস পাইছিল ৬.৭ শতাংশলৈ। বিগত ৬ বছৰৰ তুলনাত এই হাৰ আছিল সৰ্বনিম্ন। জি ডি পি হ্ৰাস পালেও কিন্তু কিছুদিনৰ পূৰ্বে বিশ্ববেংকৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ২০২৫ চনৰ লৈকে ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থা বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব। ইফালে আই এছ এছ মাৰ্কেটেও প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰিছে যে, ২০১৯ত ভাৰতে বিট্ৰেইনৰ অৰ্থব্যৱস্থাক চেৰ পেলাই বিশ্বৰ পঞ্চম বৃহৎ অৰ্থব্যৱস্থাৰ দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে ২০২৫ ত বিশ্ব অৰ্থব্যৱস্থাত তৃতীয় স্থান অধিকাৰ কৰিব।

বিশ্ব বেংক প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০১৮ চনত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন আছিল ২,৭২৬.৩২ আৰৱ ডলাৰ। সেই সময়তে ভাৰতৰ তুলনাত ফান্সৰ জি পি ডিৰ পৰিমাণ আছিল ২,৭৭৭.৫৩ আৰৱ ডলাৰ আৰু বিট্ৰেইনৰ আছিল ২,৮২৫.২০ আৰৱ ডলাৰ। ইয়াৰ পূৰ্বে ২০১৭ত ভাৰতবৰ্ষৰ জিপিডিৰ পৰিমাণ আছিল ২,৬৫০ আৰৱ ডলাৰ। সেইসময়ত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থব্যৱস্থা আছিল দেশৰ অৰ্থনীতি। ইয়াৰ তুলনাত ২০১৭ চনত ফান্সৰ জিপিডি আছিল ২,৫৯০ আৰৱ ডলাৰ আৰু বিট্ৰেইনৰ আছিল ২,৬৪০ আৰৱ ডলাৰ। উল্লেখ্য যে, মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিতে দেশৰ ঘৰুৱা উৎপাদন যথেষ্ট হ্ৰাস পাইছিল।

বৰ্তমান জি ডি পিৰ পৰিমাণৰ দিশৰ পৰা ভাৰতৰ স্থান হৈছে পঞ্চম। ২০১৮-১৯ বিত্তীয় বৰ্ষত দেশে কৃষি খণ্ডৰ পৰা লাভ কৰা জি ডি পিৰ পৰিমাণ হাৰ ১৫.৮৭ শতাংশ, উদ্যোগ খণ্ডৰ পৰা লাভ কৰা জি পি ডিৰ হাৰ ২৯.৭৩ শতাংশ আৰু অন্যান্য বিভিন্ন খণ্ডৰ পৰা লাভ কৰা জি পি ডিৰ হাৰ হৈছে ৫৪.৪০ শতাংশ।

বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত সবাতোকৈ শীৰ্ষত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ২০১৯ বৰ্ষত আমেৰিকাৰ জি ডি পিৰ পৰিমাণ হৈছে ২১,৪৮২.৪১ আৰৱ ডলাৰ। দ্বিতীয় স্থানত আছে চীন। চীনৰ জি ডি পিৰ পৰিমাণ হৈছে ১৪,১৭২.২০ আৰৱ ডলাৰ। চীনৰ পাছতে আছে জাপান। জাপানৰ জি ডি পিৰ পৰিমাণ হৈছে ৫,২২০.৫৭ আৰৱ ডলাৰ।

মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছে জাৰ্মানী। জাৰ্মানীৰ জি ডি পিৰ পৰিমাণ হৈছে ৪,১১৭.০৭ আৰৱ ডলাৰ। জাৰ্মানীৰ পাছতে পঞ্চম স্থানত আছে ভাৰতবৰ্ষ। ২০১৯ বৰ্ষত দেশক জি ডি পিৰ পৰিমাণ হৈছে ২,৯৫৭.৭২ আৰৱ ডলাৰ। ষ্টেটিকছ টাইমছৰ এক সমীক্ষাৰ মতে ভাৰতৰ এই জি ডি পিৰ পৰিমাণ ২০২৩ চনৰ লৈকে ৪,৩৩০ আৰৱ ডলাৰলৈ বৃদ্ধি পাব। আনহাতে মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ৪৩ সংখ্যক স্থানত আছে পাকিস্তান। পাকিস্তানৰ জি ডি পিৰ পৰিমাণ হৈছে ২৯৮.৩১ আৰৱ ডলাৰ।

লক্ষ্যণীয়ভাৱে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ দেশ সমূহৰ ভিতৰত ভাৰতৰ পাচতে ২,৮৪৪.৭০ আৰৱ ডলাৰ জি ডি পিৰে ষষ্ঠ স্থানত আছে ফান্স। ইফালে সপ্তম স্থানত আছে বিট্ৰেইন। বিট্ৰেইনৰ জি পি ডিৰ পৰিমাণ হৈছে ২,৮০৯.৯১ আৰৱ ডলাৰ। ষ্টেটিকছ টাইমছৰ সমীক্ষাৰ মতে ২০২৩ চনৰ লৈকে জি পি ডিৰ ক্ষেত্ৰত ভাৰতক চেৰ পেলাব নোৱাৰে এই দুয়োখন দেশে।

জি ডি পিৰ দিশৰ পৰা দেশৰ ২০ খন ধনী ৰাজ্যঃ

২০. উত্তৰাখণ্ডঃ বিত্তীয় বৰ্ষ ২০১৮-১৯ ৰ জি ডি পিৰ ক্ষেত্ৰত শীৰ্ষ ২০ খন ৰাজ্যৰ ভিতৰত বিংশতম স্থানত আছে দেৱভূমি হিচাপে খ্যাত উত্তৰাখণ্ড। ৰাজ্যখনত ২০১৯-২০ বৰ্ষত জি ডি পিৰ পৰিমাণ আছিল ২.৬৩ লাখ কোটি। বহুকেইটা বিখ্যাত মঠ-মন্দিৰৰ লগতে প্ৰাকৃতিক দিশৰ পৰাও চহকী উত্তৰাখণ্ড। ৰাজ্যখনক এডভেন্সাৰ কেপিটেল হিচাপেও জনাজাত। ৰাজ্যখনৰ অৰ্থনীতি প্ৰধানকৈ নিৰ্ভৰ কৰে কৃষি আৰু পৰ্যটন ক্ষেত্ৰৰ ওপৰত।

উত্তৰাখণ্ড

১৯. ঝাৰখণ্ডঃ জি পি ডিৰ দিশৰ পৰা দেশৰ ধনী ৰাজ্যৰ ভিতৰত ১৯ সংখ্যক স্থানত আছে ঝাৰখণ্ড। লেণ্ড অৱ ফৰেষ্ট হিচাপে খ্যাত এই ৰাজ্যখনৰ ২০১৮-১৯ বিত্তীয় বৰ্ষত জি ডি পিৰ পৰিমাণ হৈছে ৩.৪৫ লাখ কোটি টকা। প্ৰাকৃতিক দিশৰ পৰাও যথেষ্ট চহকী ৰাজ্য ঝাৰখণ্ড। বিশেষকৈ ভূমিজ সম্পদৰ ক্ষেত্ৰত অতি চহকী ৰাজ্যখন। লো, কয়লা, কপাৰ, ইউৰেনিয়াম, সোণকে ধৰি অনেক ভূমিজ সম্পদেৰে ভৰপূৰ ঝাৰখণ্ড।


ঝাৰখণ্ড

১৮. চত্তীশগড়ঃ ধনী ৰাজ্যৰ ভিতৰত দেশৰ ১৮ সংখ্যক স্থানত আছে চত্তীশগড়। ৰাজ্যখনত ২০১৮-১৯ বিত্তীয় বৰ্ষত জি ডি পিৰ পৰিমাণ হৈছে ৩.৬৩ লাখ কোটি। দেশৰ ভিতৰতে দশম বৃহৎ ৰাজ্য হৈছে চত্তীশগড়। নক্সাল সন্ত্ৰাসবাদীৰ সমস্যাই জুৰুলা কৰা ৰাজ্যখনৰ অৰ্থনীতি প্ৰধানকৈ নিৰ্ভৰ কৰে শক্তি, কৃষি, ষ্টীল আৰু এলুমিনিয়াম উদ্যেগৰ ওপৰত।

১৭. অসমঃ প্ৰাকৃতিক দিশৰ যথেষ্ট চহকী কিন্তু জি ডি পিৰ ক্ষেত্ৰত ১৭ সংখ্যক স্থানতহে আছে অসম। বিভিন্ন ক্ষেত্ৰত বহু উন্নতিৰ স্থল আছে যদিও দুৰদৰ্শী চিন্তাৰ অভাৱৰ বাবে এতিয়াও বহু পিছ পৰি আছে অসম। মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ১৭ সংখ্যক স্থানত থকা অসমৰ ২০১৮-১৯ বৰ্ষত জি ডি পিৰ পৰিমাণ হৈছে ৩.৭৪ লাখ কোটি টকা।

অসম

১৬. উৰিষ্যাঃ জি ডি পিৰ ফালৰ পৰা ধনী ৰাজ্যৰ তালিকাত ১৬ সংখ্যক স্থানত আছে উৰিষ্যা। ৰাজ্যখনত ২০১৮-১৯ বিত্তীয় বৰ্ষত জি ডি পিৰ পৰিমাণ হল ৪.৪৩ লাখ কোটি। বিগত কেইটামান বছৰত ৰাজ্যখনত প্ৰযুক্তিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে। কৃষিখণ্ডৰ ক্ষেত্ৰতো অতি ক্ষিপ্ৰতাৰে উন্নয়ন হৈছে। পৰ্যটনৰ ক্ষেত্ৰতো আছে কেইবাটাও বিখ্যাত তীৰ্থস্থান।

১৫. বিহাৰঃ দেশৰ ভিতৰত ১৩ সংখ্যক বৃহৎ ৰাজ্য বিহাৰৰ ২০১৮-১৯ বৰ্ষত জি ডি পিৰ পৰিমাণ হৈছে ৫.১৫ লাখ কোটি টকা। কৃষি আৰু উদ্যোগ খণ্ডৰ ওপৰতে নিৰ্ভৰ কৰে ৰাজ্যখনৰ অৰ্থনীতি। শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট ভাল প্ৰদৰ্শন ৰাজ্যখনৰ। দেশৰ বহু আই এ এছ বিষয়া এই ৰাজ্যখনৰে।

বিহাৰৰ কৃষি বিশ্ববিদ্যালয়

১৪. পঞ্জাৱঃ কৃষিৰ লগতে অন্যান্য কিছু লঘু উদ্যোগখণ্ডৰ ওপৰত অৰ্থনীতি নিৰ্ভৰ কৰা পঞ্জাৱৰ ২০১৯-১৯ বিত্তীয় বৰ্ষত জি ডি পিৰ পৰিমাণ হৈছে ৫.৭৭ লাখ কোটি। কৃষিৰ ক্ষেত্ৰত বিশেষ ভাৱে চহকী পঞ্জাৱ সৰ্বাধিক চাউল-ঘেহু উৎপাদনৰ ক্ষেত্ৰত অন্যতম। বৈদেশিক মুদ্ৰা আহৰণৰ ক্ষেত্ৰতো ৰাজ্যখনৰ ভূমিকা উল্লেখনীয়।

১৩. দিল্লীঃ দেশৰ ৰাজধানী দিল্লী। দেশৰ সৰ্বাধিক জনসংখ্যাক ৰাজ্য সমূহৰ ভিতৰত দিল্লীয়ো অন্যতম। দেশৰ সবাতোকৈ ভেলুৱেবুল চাকৰি এই দিল্লীতে পোৱা যায় বুলি জনা যায়। ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ জি ডি পিৰ পৰিমাণ হল ৭.৮০ লাখ কোটি। উল্লেখ্য যে, ২০১৪-১৫ বিত্তীয় বৰ্ষত দিল্লীৰ জি ডি পিৰ পৰিমাণ আছিল ৪.৫১ লাখ কোটি।

দিল্লী

১২. হাৰিয়ানাঃ দিল্লী আৰু পঞ্জাৱৰ সীমীত থকা ৰাজ্য হাৰিয়ানা। কৃষি আৰু খেলৰ সামগ্ৰী নিৰ্মাণকাৰী উদ্যোগৰ লগতে বহু লঘু উদ্যোগৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যখনৰ অৰ্থনীতি। ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ জি ডি পিৰ পৰিমাণ হল ৭.৮৪ লাখ কোটি। বিগত কেইটামান বছৰৰ পৰা ৰাজ্যখনত উন্নয়নৰ গতি ক্ষীপ্ৰতৰ হৈছে।

১১. মধ্য প্ৰদেশঃ দেশৰ মাজভাগত অৱস্থিত মধ্য প্ৰদেশক "the heart of India" বুলিও কোৱা হয়। দেশৰ দ্বিতীয় বৃহৎ ৰাজ্য হৈছে মধ্য প্ৰদেশ। পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভাৱে আগবঢ়া ৰাজ্যখনক ২০১০-১১ বৰ্ষত National Tourism Award প্ৰদান কৰা হৈছিল। ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ জি ডি পিৰ পৰিমাণ হৈছে ৮.২৬ লাখ কোটি।

মধ্য প্ৰদেশ

১০. ৰাজস্থানঃ পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়া ৰাজ্যসমূহৰ ভিতৰত ৰাজস্থান অন্যতম। পাকিস্তানৰ সীমান্তৰ কাষৰীয়া ৰাজ্য ৰাজস্থান আছে বহুকেইটা কীৰ্তি-চিহ্ন। পৰ্যটনৰ ক্ষেত্ৰত বিখ্যাত জয়পুৰ হৈছে ৰাজস্থানৰ ৰাজধানী চহৰ। ২০১৮-১৯ বৰ্ষত ৰাজস্থানৰ জি ডি পিৰ পৰিমাণ হৈছে ৮.৪০ লাখ কোটি।

৯. কেৰালাঃ ভাৰতবৰ্ষৰ শিক্ষিত লোকৰ হাৰ সবাৰ্ধিক ৰাজ্যখন হৈছে কেৰালা। ধান আৰু মাছ উৎপাদনৰ ক্ষেত্ৰত আগবঢ়া ৰাজ্যখনৰ ২০১৮-১৯ বৰ্ষত জি ডি পিৰ পৰিমাণ হৈছে ৮.৭৪ লাখ কোটি টকা। ৰাজ্যখনৰ নাৰিকল উৎপাদনেও অৰ্থনীতিত বিশেষ প্ৰভাৱ পেলায়।

কেৰালা

৮. তেলেংগানাঃ অন্ধপ্ৰদেশৰ পৰা পৃথক কৰি গঠন কৰা ৰাজ্য তেলেংগানা। ফল-মূল উৎপাদনৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান থকা ৰাজ্যখনৰ ২০১৮-১৯ বিত্তীয় বৰ্ষত জি ডি পিৰ পৰিমাণ হৈছে ৯.৮৭ লাখ কোটি।

৭. অন্ধ্ৰপ্ৰদেশঃ দেশৰ ধনী ৰাজ্যৰ তালিকাত সপ্তম স্থানত আছে অন্ধ্ৰ প্ৰদেশ। মাছ উৎপাদনৰ ক্ষেত্ৰত বিশেষ ভূমিকা আছে ৰাজ্যখনৰ। দেশখনৰ ২০১৮-১৯ বিত্তীয় বৰ্ষত দেশখনৰ জি ডি পিৰ পৰিমাণ হৈছে ১০.৪৯ লাখ কোটি।


অন্ধ্ৰ প্ৰদেশ

৬. পশ্চিম বংগঃ ধনী ৰাজ্যৰ তালিকাত ষষ্ঠ স্থানত আছে পশ্চিম বংগ। সাহিত্য-সংস্কৃতিৰ দিশত আগবঢ়া ৰাজ্যখনৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ জি ডি পিৰ পৰিমাণ হৈছে ১৩.১৪ লাখ কোটি।

৫. গুজৰাটঃ প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ্য গুজৰাট আছে এই তালিকাত পঞ্চম স্থানত। উদ্যোগিক ক্ষেত্ৰত আগবঢ়া ৰাজ্যখনত আছে বহুকেইটা বিখ্যাত কোম্পানী। তদুপৰি পৰ্যটনৰ ক্ষেত্ৰতো আছে কেইবাটাও গুৰুত্বপূৰ্ণ স্থান। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ জি ডি পিৰ পৰিমাণ হৈছে ১৪.৯৬ লাখ কোটি।

গুজৰাট

৪. উত্তৰ প্ৰদেশঃ দেশৰ ভিতৰতে সৰ্বাধিক লোকসভাৰ সমষ্টি থকা ৰাজ্য উত্তৰ প্ৰদেশ হৈছে দেশৰ চতুৰ্থখন বৃহৎ ৰাজ্য। লগতে সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ জি ডি পিৰ পৰিমাণৰ দি হৈছে ১৫.৭৯ লাখ কোটি।

৩. কৰ্ণাটকঃ ভাৰতৰ ধনী ৰাজ্যৰ তালিকাত তৃতীয় স্থানত আছে কৰ্ণাটক। সাহিত্য-সংস্কৃতিৰ দিশত চহকী ৰাজ্যখনৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ জি ডি পিৰ পৰিমাণৰ দি হৈছে ১৫.৮৮ লাখ কোটি।

২. তামিলনাডুঃ পৰ্যটনৰ দিশত অতিকৈ চহকী তামিলনাডু। সংস্কৃতিৰ ক্ষেত্ৰতো ৰাজ্যখনৰ আছে বিশেষ দখল। ৰাজ্যখনৰ সাগৰত বেলি মাৰ যোৱা দৃশ্য অতিকৈ মনোমোহা। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ জি ডি পিৰ পৰিমাণৰ দি হৈছে ১৭.২৫ লাখ কোটি।

তামিলনাডু

১. মহাৰাষ্ট্ৰঃ দেশৰ সবাতোকৈ ধনী ৰাজ্যৰ শীৰ্ষস্থানত আছে মহাৰাষ্ট্ৰ। ৰাজ্যখনৰ ৰাজধানী মুম্বাই, যাক ভাৰতবৰ্ষৰ অৰ্থনৈতিক ৰাজধানী হিচাপে জনা যায়। প্ৰযুক্তিৰ বিভিন্ন প্ৰতিষ্ঠানেৰে দ্ৰুতগতিত উন্নয়নৰ দিশে আগবঢ়া মহাৰাষ্ট্ৰৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ জি ডি পিৰ পৰিমাণৰ দি হৈছে ২৫.৩৫ লাখ কোটি।

(এয়া হৈছে দেশৰ ২০ খন ধনী ৰাজ্য। ২০১৮-১৯ বিত্তীয় বৰ্ষৰ জি ডি পিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি এই তালিকা প্ৰস্তুত কৰা হৈছে। )